দুটা ভাল খবৰৰ আঁত ধৰি

বিজ্ঞানক প্ৰসাৰ ঘটোৱা, বৈজ্ঞানিক মানসিকতা গঢ় দিয়া আৰু নৱ প্ৰজন্মৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰেই অংশ স্বৰূপে অনুষ্ঠিত হৈছে Technology vision 2035 শীৰ্ষক এখন কৰ্মশালা। কৰ্মশালা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ সকলে অংশ গ্ৰহণ কৰি তেখেত সকলৰ বিভাগীয় ভিজন সম্পৰ্কে ব্যক্ত কৰে। স্বাস্থ্য, বতৰৰ পৰিঘটনাৰ সন্দৰ্ভত বিভিন্ন বিশেষজ্ঞ সকলে মতপোষণ কৰে। কৰ্মশালা খনত অংশ গ্ৰহণ কৰি গুৱাহাটী আই আই টিৰ সঞ্চালক গৌতম বিশ্বাসে কয় যে মধুমেহ ৰোগ কেনো বেমাৰ নহয়। সঠিক সময়ত শৰীৰক যতন ল’লে এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি। উল্লেখযোগ্য যে এই কৰ্মশালা খনত নেচনেল কাউন্সিল অৱ চায়েন্স মিউজিয়ামৰ এ,এচ মানেকাৰ টি আই এফ এ চি ড০ প্ৰভাত ৰঞ্জন, টি আই এফ এ চি ৰ অনিল ককোধাৰ উপস্থিত থাকে।

আনহাতে জনজাতিসকলৰ শিল্প সংস্কৃতি খাদ্য সম্ভাৰ আৰু ব্যৱসায়ৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে ট্ৰাইফেডে আয়োজন কৰিছে আদি মহোৎসৱ শীৰ্ষক এখন বাণিজ্য মেলা। ২০ খন দেশৰ ১৫০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা মেলাখন ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। খানাপাৰাৰ গনেশ মন্দিৰ ইনড’ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেলাখনৰ সম্পৰ্কত সংবাদমেলৰ আগত ট্ৰাইবেল কো অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰচন সঞ্চালকে জানিবলৈ দিয়ে যে অসমত অহা মাৰ্চ মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ সৈতে MOU চুক্তিত স্বাক্ষৰিত হ’ব। অসমত সকলো জনজাতি পোছাক পৰিচ্ছদ পোৱাকে ১০০০ টা কেন্দ্ৰ স্হাপন কৰিব। উল্লেখযোগ্য যে আদিবাসী তথা জনজাতি সকলৰ জীৱিকা সকাহ যোগোৱাৰ বাবে ট্ৰাইফেডে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

Comments (0)
Add Comment