দুটা ভাল খবৰ

দুটা ভাল খবৰ

উত্তৰ পূব উদ্যোগিক উন্নয়ন আঁচনি ২০১৭ ৰ ঘোষণা হৈছে। এই সম্পৰ্কত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনতা ভৱনত এক সংবাদ মেল আয়োজন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মতপ্ৰকাশ কৰে যে বিশ্ব বিনিয়োগ সন্মিলনৰ জৰিয়তে প্ৰায় ১ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছো। উদ্যোগিক উন্নয়ন আচঁনিৰ অধীনত কোনো উদ্যোগে ২০০ কোটি টকা পৰ্য্যন্ত ৰাজ সাহাৰ্য্য লাভ কৰিব। অৱশ্যে ১ এপ্ৰিল ২০১৭ ৰ পৰা ৩১ মাৰ্চ ২০২০ চনৰ ভিতৰত পঞ্জীভুক্ত উদ্যোগে এই আচঁনিৰ সুফল লাভ কৰিব। কোনো উদ্যোগে উৎপাদন আহৰণ হোৱা বৰ্ষৰ পৰা ৫৮ শতাংশ আয়কৰ ঘুৰাই পাব।

WhatsApp Image 2018-03-22 at 7.00.34 PM

আনহাতে পৰিবহনৰ ক্ষেত্ৰত ৰেল পৰিবহন, আভ্যন্তৰীণ জলপৰিবহনৰ যোগেদি উৎপাদিত সামগ্ৰী পৰিবহন কৰাৰ ক্ষেত্ৰত পৰিবহন ব্যয়ৰ ২০ শতাংশ ধাৰ্য্য কৰাৰ বিপৰীতে সহজে নষ্ট হোৱা সামগ্ৰী পৰিবহন ব্যয় ৩৩ শতাংশ নিৰ্দ্ধাৰণ কৰা হৈছে। কাৰখানা গৃহ আৰু যন্ত্ৰ পাতিত বিনিয়োগৰ ক্ষেত্ৰত প্ৰতি উদ্যোগ গোটক ৩০ শতাংশকৈ সৰ্বোচ্চ ৫ কোটি টকা পৰ্য্যন্ত ৰাজ সাহাৰ্য্য প্ৰদান কৰিব। এয়া আছিল উদ্যোগিক উন্নয়ন আচঁনিৰ কিছু নীতি। 

WhatsApp Image 2018-03-22 at 7.03.23 PM

আনহাতে আজি গুৱাহাটী উদ্যমিতা প্ৰতিষ্ঠানত মুকলি হ’ল দু: সাহসিক ক্ৰীড়া পবৰ্তাৰোহনৰ এখন কৃত্ৰিম ৱাল। প্ৰশাসনিক বিষয়া কে পি কৃষ্ঞাননে উদ্বোধন কৰি কয় যে উত্তৰপূব খন দু:সাহসিক ক্ৰীড়াৰ সম্ভাৱনাপূৰ্ণ ঠাই। ইয়াৰ জৰিয়তে দু:সাহসিক ক্ৰীড়া অভ্যাস কৰিবলৈ ভালপোৱা সকলে এখন মঞ্চ পাব। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত সঞ্চালকৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment