দুৰ্নীতিক কঠোৰ হাতেৰে দমন কৰিবলৈ বদ্ধপৰিকৰ সোণোৱাল চৰকাৰ

দুৰ্নীতিক কঠোৰ হাতেৰে দমন কৰিবলৈ সস্তম হৈ পৰিছে সোণোৱাল চৰকাৰ। এছ আই পৰীক্ষাত হোৱা দুৰ্নীতি ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফলস্বৰূপে দিবন ডেকাক বিজেপি সদস্য পদৰ পৰা বহিষ্কাৰ কৰা লগতে প্ৰাক্তন ডি আই জি দুৰ্নীতি সদাগৰ খ্যাত পি কে দত্তৰ তদন্ত ভাৰ ই ডিক অৰ্পন কৰা কাৰ্যক ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে শলাগ লৈছে।
 
উল্লেখযোগ্য যে এছ আই নিযুক্তিত হোৱা দুৰ্নীতি সম্পৰ্কটোক খৰটকীয়া তদন্ত ব্যৱস্থা কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ জনসাধাৰণে মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছে।দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰতিষ্ঠা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সু ভাৱমূৰ্তি অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

Comments (1)
Add Comment
  • Mohan Rajkumar

    Nice CM Sir