দৌল যাত্ৰা তথা হোলি উপলক্ষে ৮ মাৰ্চত কামৰূপ জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা

দৌল যাত্ৰা তথা হোলি উপলক্ষে অহা ৮ মাৰ্চত কামৰূপ জিলা প্ৰশাসনে সমগ্ৰ কামৰূপ জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। কামৰূপ জিলাৰ উপায়ুক্তই আজি এক নিৰ্দেশনা জৰিয়তে এই বন্ধৰ ঘোষণা কৰিছে। উক্ত দিনত জিলাখনত থকা সকলো বিত্তীয় প্ৰতিষ্ঠান, বেংক আদিকে ধৰি সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। অৱশ্যে জৰুৰীকালীন সেৱা তথা চলি থকা পৰীক্ষাৰ ব্যৱস্থাপনাৰ সৈতে জৰিত থকা বিষয়া-কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক এই বন্ধৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে বুলি নিৰ্দেশনাত কোৱা হৈছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment