নগাঁৱত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অসমী গ্ৰাম্য অতিথিশালাৰ শুভাৰম্ভ

অহা ৬ মাৰ্চৰ পৰা নগাঁৱৰ বটদ্ৰৱাত আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। লক্ষ লক্ষ ভক্ত বৈষ্ণৱৰ আগমণেৰে বটদ্ৰৱাত আৰম্ভ হ’বলগীয়া দৌল মহোৎসৱৰ প্ৰাকক্ষণত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰম্ভ কৰা হৈছে “অসমী গ্ৰাম্য অতিথিশালা” (ASOMI RURAL HOME STAY) শীৰ্ষক তীৰ্থযাত্ৰীৰ বাবে বিশেষ অতিথিশালা। দূৰ-দূৰণিৰ তীৰ্থযাত্ৰী সকল বটদ্ৰৱা থানলৈ আহি ইয়াৰ গ্ৰাম্য পৰিবেশত থাকি থলুৱা খাদ্যৰ সোৱাদ ল’বপৰাকৈ আৰম্ভ কৰা অসমী গ্ৰাম্য অতিথিশালাটি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ সমীপতে আৰম্ভ কৰা হৈছে। বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাই আঁত ধৰা অসমী গ্ৰাম্য অতিথিশালা শুভাৰম্ভ অনুষ্ঠানটিত উপস্থিত থাকি বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখা গগৈয়ে চহৰীয়া কোলাহলৰ পৰা দূৰত, বৃস্তীৰ্ণ সেউজীয়া পথাৰৰ মাজত থাকি পৰ্যটকে বটদ্ৰৱাৰ অতিথিশালাত অনন্য অনুভৱ কৰিব পাৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত গ্ৰামীণ জীবিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক শংখ প্ৰবাল শান্দিল্য, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা,বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ফকৰ উদ্দিন, জিলা কাৰ্যকৰী বিশেষজ্ঞা সুদক্ষিণা নাথ,খণ্ড প্ৰকল্প সহযোগী দীপমনি বৰা, ৰিতু কলিতা,বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সদস্য গনেশ বৰা,ডি ই এফৰ জিলা প্ৰবন্ধক সমুদ্ৰ বৰা, মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মিনা কলিতা, সম্পাদিকা প্ৰতিভা ভূঞা, খণ্ড সমন্বয়ক মৌচম কলিতা, ৰাজ শৰ্মা, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা বৰা, সচিব সতীশ চন্দ্ৰ শৰ্মা, পঞ্চায়তৰ জিবীকা সখী ত্ৰিবেনী কলিতাৰ লগতে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়া সকল,বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ টা পঞ্চায়তৰ জীৱিকা সখী, কৃষি সখী,পশু সখী,বেংক মিত্ৰ সহ শতাধিক ৰাইজ উপস্থিত থাকে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment