নগাঁৱত চিল্ড্ৰেন্স হেভেন স্কুলৰ শিশুসকলৰ দ্বাৰা বৃক্ষৰোপন

প্ৰকৃতিপ্ৰেমী, সমাজকৰ্মী, উদীয়মান প্ৰেমৰ কবি পাপু মজুমদাৰে তেওঁৰ জন্মদিনটো প্ৰতিবছৰে বিভিন্ন সামাজিক কাম-কাজৰ লগতে বৃক্ষৰোপন কৰি উদযাপন কৰি আহিছে। আজি তেওঁৰ ৩৪ সংখ্যক জন্মদিনটোত নগাঁৱৰ চিল্ড্ৰেন্স হেভেন স্কুলৰ শিশুসকলৰ সৈতে বৃক্ষৰোপনৰ দ্বাৰা সমাজখনলৈ এটি যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। জ্যোতি একাডেমী নামৰ স্বেচ্ছাসেবী সংগঠনটোৰ সক্ৰিয়কৰ্মী পাপু মজুমদাৰে তেওঁৰ মনোভাব ব্যক্ত কৰি কয় যে, “আমি শিশুসকলক পাঠ্যপুথিৰ অন্তৰ্গত থকা পাঠ্যক্ৰমৰ লগতে বিভিন্ন ধৰণৰ সমাজ সচেতনমূলক বিষয়বোৰৰ ওপৰতো গুৰুত্বপ্ৰদান কৰিব লাগে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে চিল্ড্ৰেন্স হেভেন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অজন্তা নন্দী, সমাজকৰ্মী ৰীতা গোহাঁই, কবি নয়ন মণি মিশ্ৰ, মায়ামণি দেৱী, ৰূপা কুন্ডু, ভূমিকা দত্ত, আৰু প্ৰসেনজিৎ সাহা।

 

 

বাতৰি যুগুতালে  ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment