নগাঁৱৰ এগৰাকী মহিলাৰ মহানুভৱতা নিজৰ ভূমি-গৃহ দান কৰিলে বৃদ্ধাশ্ৰমৰ নামত

নগাঁৱৰ এগৰাকী মহিলা।নাম দিপালী বৰদলৈ।প্ৰচাৰ বিমূখ এগৰাকী চিন্তাশীল কবি,লেখক।নগাঁৱৰ গোঁসাইবড়ি নিবাসী দিপালী বৰদলৈৰ কলমেৰে নিগৰিত হয় হৃদয়ৰ অন্ত:কোণৰ বিষাদৰ শব্দ গাঁথা। জীৱনৰ নিৰ্মম সত্যক একান্তভাৱে মানি লৈ লেখিকা দিপালী বৰদলৈয়ে সদায় সমাজ আৰু সামাজিক চেতনাক মূল আধাৰ হিচাপে লৈ জীৱনৰ বিয়লি বেলাক নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিছে।
জানিব পৰা মতে ষাঠিৰ উৰ্দ্ধৰ এই গৰাকি মহিলাই ইতিমধ্যেই হেৰুৱাইছে নিজৰ স্বামী,পুত্র আৰু আপোনজনক।হতাশাই আৱৰি ধৰা জীৱনটোক নতুনকৈ চোৱাৰ হেপাহেৰে তেখেতে নিজৰ ঘৰখন,নিজৰ ভূমিত এখনি বৃদ্ধাশ্ৰম গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান অপৰূপা বহুমূখী জনকল্যাণ সমবায় সমিতি লিমিটেডৰ সহযোগত পবিত্র বৰদিনৰ দিনাই নগাঁৱৰ গোঁসাইবড়িস্থিত গৃহত বৃদ্ধাশ্ৰম গৃহটি স্বেচ্চাসেৱী অনুষ্ঠানটিক হস্তান্তৰ কৰে আৰু বৃদ্ধাশ্ৰমখনৰ প্ৰথম গৰাকী বৃদ্ধা দিপালী বৰদলৈ। অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভানেত্রী জুনু দেৱী, সম্পাদিকা জ্যোতিৰেখা বৰাৰ লগতে অঞ্চলৰ বহু গণ্য-মান্য লোক উপস্থিত থাকে। স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে যে কোনো বৃদ্ধা যদি এতিয়াৰে পৰা বৃদ্ধাশ্ৰমখনত থাকিব বিছাৰে তেনেহ’লে ৮৬৩৮৮৯৭১৩০, ৯৫৩৫০৬১৪৩৭, ৮৮২২১০৪০৪৫ এই নম্বৰত যোগাযোগ কৰিব পাৰিব। গোঁসাইবড়িৰ এইগৰাকী মানৱদৰদী মহিলাৰ মহানুভৱতাক সকলোৱে আদৰণি জনাইছে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment