নগাঁৱৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন

পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ উদ্যোগত,মধ্য আঞ্চলিক সত্র মহাসভাৰ সহযোগত আজি নগাঁৱৰ জাজৰিত উদযাপিত হয় সত্র মহাসভাৰ ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস। জাজৰিৰ শ্ৰীশ্ৰী হালধিআটি ন-সত্রত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সত্রীয়া সংস্কৃতিক দিৱসৰ পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন আৰু বিশ্বৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰ পাছতে নাম প্ৰসংগ অনুষ্ঠিত হয়। দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হয় সত্রীয়া সংস্কৃতি উত্তৰণত সত্রৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰখনি সঞ্চালনা কৰে মধ্য আঞ্চলিক সত্র মহাসভাৰ সভাপতি লাৰুধন গোস্বামীয়ে। পশ্চিম নগাঁও সত্র মহাসভাৰ সম্পাদক মানিক বৰাই আঁতধৰা আলোচনাচক্ৰখনিত মূল বক্তা হিচাপে আলোচনা আগবঢ়াই বটদ্ৰৱাৰ নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। আলোচনাচক্ৰ খনিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক থগিত মহন্ত, জেষ্ঠ সাংবাদিক প্ৰান্তিক গোস্বামী, সত্রাধিকাৰ দুগ্ধদেৱ গোস্বামী, বৰ বায়ন বগীৰাম বৰাকে ধৰি বহু বিশিষ্ট লোক। অনুষ্ঠানত বহু কেইটা সত্রীয়া নৃত্য প্ৰদৰ্শনে দৰ্শক ৰাইজক আপ্লুত কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment