নগাঁৱৰ জাজৰি শতদল শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃত নগাঁৱৰ জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ আজি দ্বি-বাৰ্ষিক অধিবেশন খন সম্পন্ন হয়। জাজৰি অনন্ত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত অধিবেশন খনৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি অনন্ত বৰদলৈয়ে। পুৱা ১০ বজাৰ পৰা হোৱা প্ৰতিনিধি সভাত পৰবৰ্তী ২০২৩-২৪ দুটা বৰ্ষৰ বাবে নৰেন ডেকাক সভাপতি, প্ৰবীন চন্দ্ৰ বৰদলৈ, দিগন্ত শৰ্মা, নিলোফা চুলতানাক উপ সভাপতি, জেহিদুৰ ৰহমানক সম্পাদক হিচাপে লৈ সম্পূৰ্ন কাৰ্যনিবাহক সমিতিখন গঠন কৰে। তাৰ পিছতে ১২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত, অসম সাহিত্য সভাৰ কাৰ্যনিবাহক আবুল খায়েৰ আহমেদ, জাজৰি অঞ্চলৰ বিশিষ্ট নাগৰিক জীৱন ৰাম বৰা, এধান গোস্বামী, মিজামল হুছেইন, শাখাৰ প্ৰাক্তন সভাপতি ছফিকুল হক, সম্পাদক ৰাহুল দেৱ বৰদলৈ,হেমন্ত খাটনিয়াৰকে ধৰি বহু সংখ্যক ৰাইজ উপস্থিত থাকে।অনুষ্ঠানত বৰগীত,সত্রীয়া নৃত্য আদি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment