নগাঁৱৰ বিভিন্ন ঠাইত উদযাপিত হয় ৰাভা দিৱস

আজি ২০জুন, ৰাভা দিৱস। আজিৰ ৰাভা দিৱসৰ এই পবিত্ৰ ক্ষণত নগাঁও জিলাৰ জাজৰিৰ শিমলুতলত শিল্পী গৰাকীক বটদ্ৰৱা অগপৰ নেতৃবৃন্দই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ৰাভাৰ প্ৰতিবাদী সত্বা আৰু তেওঁৰ কালজয়ী সৃষ্টিৰাজিক স্মৰণ কৰি কৰা নৃত্য গীতেৰে উপস্থিত লোক সকলক মন্ত্ৰ মুগ্ধ কৰি তোলে পংকজ বৈশ্য, দুলুমনি বৰা আৰু অৰ্পনা কলিতাই। অগপৰ বটদ্ৰৱা বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উপস্থিত থাকি অগপ নেত্ৰী মামনি বৰাই বিষ্ণুৰাভাৰ ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে। তেখেতে কয় যে বিষ্ণুৰাভাৰ প্ৰাসঙ্গিকতা অসমৰ জনমানসত যুগ যুগান্তৰলৈকে থাকিব। অনুষ্ঠানটোৰ আঁত ধৰে অগপৰ বটদ্ৰৱা বিধান পৰিষদৰ সম্পাদক জগত শইকীয়া আৰু সাংগঠনিক সম্পাদক অভিজিৎ দাসে। অনুষ্ঠানত বিভিন্ন গৰাকী ব্যক্তি উপস্থিত থাকে।
আনহাতে ৰাইদঙীয়া পাঁচআলিৰ সাহিত্য সভা ভৱনত সৌৰভ শাখা সাহিত্য সভাৰ উদ্যোগত এক দিনযোৰা কাৰ্যসূচীৰে আজি ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰাই। একেদৰে পুষ্পাঞ্জলি অৰ্পণ কৰে বুবুল ভূঞাই। অনুষ্ঠানটোৰ আঁত ধৰে সৌৰভ শাখা সাহিত্য সভাৰ সম্পাদক কবিন পাটৰে। অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সংগ্ৰামৰ ওপৰত আলোকপাত কৰে নৱ কমল ৰাজা, দিলীপ কুমাৰ বৰাই।সন্ধ্যা সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সাহিত্য সভা ভৱনতে গীত মাত কবিতা এটি মনোৰম অনুষ্ঠানৰ আয়োজন কৰা হয়।
বাতৰি যুগুতালে নগাঁওৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment