নতুন এছ অ’ পি ঘােষণা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নতুন এছ অ’ পি ঘােষণা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ শেহতীয়া ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে পূৰ্বৰ পৰা বলৱৎ হৈ থকা এছ অ’ পিৰ ক্ষেত্ৰত কিছু সালসলনি ঘটাইছে।মংগলবাৰে ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যােগে নতুন নীতি-নিয়মৰ কথা ঘােষণা কৰে। নতুন এছ অ’ পি বুধবাৰৰ পৰা ৭ দিনৰ বাবে বলৱৎ হ’ব বুলি ঘােষণা মহন্তৰ।নতুন এছ অ’ পি অনুসৰি চৰকাৰে গােৱালপাৰা, গােলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ, শােণিতপুৰ আৰু মৰিগাঁও জিলাত ১ সপ্তাহৰ বাবে সম্পূৰ্ণ কন্টেইমেন্টৰ ঘােষণা কৰিছে।
অৱশ্যে পূৰ্বৰ দৰেই এই জিলাসমূহত অত্যাৱশ্যকীয় সেৱা, গেলামাল দােকান খােলা থাকিব। বজাৰ বন্ধ থাকিব। পূৰ্বৰ দৰেই ২ বজাৰ পৰা কাৰ্ফিউ হ’ব।২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’বলগীয়া জিলাকেইখন হ’ল শিৱসাগৰ, ডিব্ৰুগড়, কােকৰাঝাৰ, বৰপেটা, নলবাৰী, বজালী, বাক্সা, কামৰূপ, দৰং, হােজাই, তিনিচুকীয়া, ধেমাজী, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং।
ইয়াৰ উপৰি ধুবুৰী, কামৰূপ মেট্ৰ’, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্ব আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি জিলাত পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ দােকান-বজাৰ খােলা থাকিব। বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ বলৱৎ হ’ব।কামৰূপ মেট্ৰ’ জিলাৰ সকলাে বাসিন্দালৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ তুলনাত সংক্ৰমণ হ্ৰাস হৈছিল যদিও পুনৰ সংক্ৰমণৰ বৃদ্ধি আশংকা ঘনীভূত হৈছে। তেওঁ সকলােকে ক’ভিড নীতি মানি চলিবলৈ আহ্বান জনায়।আন্তঃজিলা পূৰ্বৰ দৰে বন্ধ থাকিব। স্কুল-কলেজ বন্ধ থাকিব।

Comments (0)
Add Comment