নতুন দিল্লীৰ চৰকাৰী আৱাসতে মিচিং জনজাতিৰ মাস্ক প্ৰস্তুত কৰিছে আই এএছ বিষয়াই

ক’ৰণা ভাইৰাছে বিশ্বত ৰজাৰ পৰা প্ৰজালৈকে সকলোকে আক্ৰান্ত কৰাৰ পাছত ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশত চলি থকা লকডাউনৰ বাবে প্ৰতিজন লোকে ধৰি সকলোৱে স্বগৃহ আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।
 
 
আনহাতে এমাহ ধৰি আৱদ্ধ হৈ থাকিবলগীয়া বাবে পূৰ্বতে বহুতে সময়ৰ অভাৱৰ বাবে কৰিব নোৱাৰা কাম নোৱাৰা বহু পুৰণি কাম বা পৰম্পৰাগত অভ্যাসক হাততে পোৱা অফুৰন্ত সময়ৰ সুযোগ লৈ কৰিবলৈ সক্ষম হৈছে।বিশেষকৈ অসম জীয়ৰী,মিচিং জনজাতিৰ প্ৰথম গৰাকী আই এ এছ শকুন্তলা দলে গামলিঙে হাততে পোৱা সময়ৰ সদব্যৱহাৰ কৰি নতুন দিল্লীৰ চৰকাৰী আৱাসত মুখত পৰিধান কৰা মাস্ক প্ৰস্তুত কৰা কামত ব্যস্ত হৈ পৰিছে।
 
এই সন্দৰ্ভত শকুন্তলা দলে গামলিনে জানিবলৈ দিয়া মতে গুৱাহাটী দিছপুৰ কছাৰীবস্তিত থকা পিতৃগৃহত থকা হাইস্কুলত পঢ়ি থকা দিনৰে পৰা কাপোৰ ব’ব শিকিছিল।আৰু সম্প্ৰতি বাচকত দ’ম হৈ থকা কাপোৰৰ একাংশই মাস্ক তৈয়াৰ কৰিছে  আৰু মন্ত্ৰালয়ৰ কৰ্মচাৰী,ওচৰ চুবুৰীয়াক বিতৰণ কৰিছে।উল্লেখযোগ্য যে তেখেতে সম্প্ৰতি ভাৰত চৰকাৰৰ দিব্যাংগ আৰু সামাজিক ন্যায় মন্ত্ৰালয়ত সচিব হিচাপে কৰ্মৰত হৈ আছে।

Comments (0)
Add Comment