নদুৱাৰৰ কেৰাণীপামত সদৌ অসম গণ জাগৰণ পৰিষদৰ সৌজন্যত শৰবিদ্ধ সপোন গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

নদুৱাৰৰ অন্তৰ্গত কেৰাণীপামস্থিত কেৰাণীপাম প্ৰাথমিক বিদ্যালয়ত আজি সদৌ অসম গণ জাগৰণ পৰিষদৰ সৌজন্যত শৰবিদ্ধ সপোন নামৰ কবিতাৰ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰে । সদৌ অসম গণ জাগৰণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু প্ৰতিষ্ঠাপক তথা জেষ্ঠ কবি গোপাল চন্দ্ৰ কোঁচে আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাত সভাপতিৰ আসন অলংকৃত কৰে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনিল বৰাই । কাৰ্যসূচী মৰ্মে পুৱাই প্ৰয়াত ড° ভূপেন হাজৰিকাৰ স্মৃতি সুৱৰি তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অঞ্চলৰে জেষ্ঠ সমাজকৰ্মী খগেন শইকীয়া, কেৰাণীপাম অঞ্চলৰ বিশিষ্ট কবি পূৰ্ণিমা বৰাৰ দ্বাৰা লিখিত “শৰবিদ্ধ সপোন” নামৰ কবিতাৰ গ্ৰন্থ উন্মোচন কৰে সুদুৰ নাৰায়ণপুৰৰ বিশিষ্ট সাহিত্যিক লক্ষ্যপতি দেউৰীয়ে । উন্মোচক হিচাপে উপস্থিত থাকি অনুবাদ কবিতা ৰামধেণু বঁটা ২০০৫ ৰে সম্বৰ্ধিত বিশিষ্ট সাহিত্যিক লক্ষ্যপতি দেউৰীয়ে কয় যে – কবিতা হৈছে আত্মাৰ বাণী । সাহিত্যৰ তীক্ষ্ণতম অস্ত্ৰ হৈছে কবিতা । বৰ্তমানৰ নৱপ্ৰজন্মসকলেও সৰু সৰু কবিতা লিখাৰ প্ৰয়াসৰে নিজৰ সাহিত্য চৰ্চা কৰিব লাগিব । উক্ত উন্মোচনী অনুষ্ঠানত শিক্ষয়িত্ৰী অনু দেৱী, শিক্ষক দিপ বৰা, অসম যুৱ পৰিষদৰ সম্পাদক ভাস্কৰজ্যোতি বৰা, চতিয়া যুৱ পৰিষদৰ সভাপতি ৰক্তিম জ্যোতি শৰ্মাৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট ।

Comments (0)
Add Comment