নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱমন্দিৰ মুকলি মুখ্যমন্ত্ৰীৰ

বিকাশৰ বাবে এটা পষেকৰ কাৰ্যসূচী লৈ কালি বঙাইগাঁও জিলাৰ বিভিন্ন স্থান পৰিদৰ্শন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগীঘোপা অঞ্চলৰ নয়াগাঁও আঞ্চলিক পাগলাস্থানত নৱনিৰ্মিত শিৱ মন্দিৰ এটা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস,মন্দিৰ গৃহৰ দ্বাতা অভয়াপুৰীৰ সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক তথা সহস্ৰাধিক লোকৰ উপস্থিতিত হৰিধ্বনি আয়তীৰ উৰুলি মাজতে মুখ্যমন্ত্ৰীয়ে মন্দিৰ গৃহটি উদ্বোধন কৰি দাতা পাঠকৰ শলাগ লয়।লগতে মন্দিৰটোৱে অঞ্চলটোৰ আধ্যাত্মিক চিন্তা-চৰ্চাৰ প্ৰসাৰত উল্লেখনীয় বৰঙণি আগবঢ়াব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা ব্যক্ত কৰে।

Comments (0)
Add Comment