নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক খাদ্য যোগান ধৰি মহানুভাৱতাৰ পৰিচয় দিয়ে জামুগুৰিহাটৰ দুজন যুৱ সাংবাদিকৰ লগতে এজন কন্ঠশিল্পীয়ে

জামুগুৰিহাটৰ সমিপৱৰ্তী ইটাখোলাৰ নিবাসী তথা জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচাই অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ পৰিবেশন কৰা গীতৰ এলবামটো স্বয়ং মূখ্যমন্ত্ৰীয়ে মুকলি কৰা গীতটোত বিশেষ চৰ্চা লাভ কৰাৰ পিছতেই কন্ঠশিল্পীগৰাকীয়ে পুৱাই নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দিলে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ বাবে খাদ্যৰ সংকটত পৰি বহু সমস্যাত পৰা দেখা যায় । তেনে সময়তে জামুগুৰিহাটৰ বিশেষ চৰ্চা লাভ কৰা এইগৰাকী কন্ঠশিল্পীৰ লগত দুগৰাকী যুৱ সাংবাদিক ক্ৰমে চন্দন শৰ্মা আৰু প্ৰেম তেৱাৰীয়ে সাংবাদিকতাৰ দৰে দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আজি পুৱা নামেৰী ৰাষ্ট্ৰীয় উদ্যানত থকা কপিকুলসকলৰ বাবে কিছু কম পৰিমানে হলেও কল, লেচু, তৰমুজ, ব্ৰেড, তিয়হ আদিৰে খাদ্য সামগ্ৰী নিজ হাতেৰে খুৱাই কঁপিকুলসকলক কিছু সকাহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লোৱা দেখা গ’ল । তেওঁলোকে শোণিতপুৰ বাসী তথা সমুহ অসমবাসী ৰাইজক কঁপিকুল তথা জীৱ জন্তুৰ মাজত এনেদৰে কিছু পৰিমানে খাদ্য সামগ্ৰী যোগান ধৰি কিছু সকাহ দিবৰ বাবে বিনম্ৰ অনুৰোধ জনায় ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment