নিবনুৱাৰ বাবে সুখবৰ

নিবনুৱাৰ বাবে সুখবৰ

WhatsApp Image 2018-03-23 at 6.57.17 PM

দক্ষতাৰ অবিহনে কোনেও আজিৰ দিনত সফলতাৰ শিখৰত আৰোহন কৰিব নোৱাৰে। আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ। প্ৰতিযোগিতা মূলক যুগত যোগ্য জনেহে তিস্তি থাকিব পাৰে। অৰ্থাৎ যোগ্য ভোগ্য বসুন্ধৰা –  ডাৰউইনৰ সূত্ৰটো আজিও প্ৰযোজ্য। ছিংগাপুৰৰ তুলনাত অসম খন বহু ক্ষেত্ৰত আগবঢ়া যদিও দক্ষতাগত শ্ৰমিক অভাৱ হোৱাৰ বাবে আজিও পিছপৰি আছে। এই মন্তব্য উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। আজি প্ৰশাসনিক ষ্টাফ কলেজত অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই মন্তব্য কৰে। লগতে তেখেতে কয় যে সকলো মানুহৰে বিভিন্ন ক্ষেত্ৰত দক্ষতা থাকে। সেই দক্ষতা সমূহক আমি অস্বীকাৰ কৰাটো উচিত নহয়। লগতে বৰ্ত্তমান সময়ত দক্ষতাসম্পন্ন শ্ৰমিকৰ প্ৰয়োজনীয়তা সম্পৰ্কে মন্তব্য কৰে। অতি শীঘ্ৰে গুৱাহাটী আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হোৱাৰ কথা জানিবলৈ দি কয় যে স্বাৱলম্বন নামৰ আন এটা প্ৰকল্প  আৰম্ভ হ’ব।

WhatsApp Image 2018-03-23 at 6.56.27 PM

যাৰ জৰিয়তে নিবনুৱা সকলে চাকৰিৰ সুবিধা লাভ কৰিব পাৰিব। এই অনুষ্ঠানত ছিংগাপুৰ আই টি ই ই এছ ৰ সঞ্চালক লিম বোন টিয়াং উপস্থিত থাকি ছিংগাপুৰ আৰু অসমৰ সাদৃশ্য কথা সদৰী কৰি কয় যে একতাত শক্তি নিহিত হৈ আছে। সেয়েহে আমি যৌথ ভাৱে আগবাঢ়িবলৈ বিচাৰিছো। উল্লেখযোগ্য যে ছিংগাপুৰৰ আই টি ই ই এছৰ পৰা বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা অসমৰ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে। ইয়াৰ পূৰ্বে দক্ষতা বিকাশৰ অধীনত এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালা খনত বিভিন্ন বিশেষজ্ঞ সকলে উদ্যোগ, উদ্যমিয়তাৰ সম্পৰ্কে মন্তব্য কৰে। অনুষ্ঠানত অসম দক্ষতা বিকাশ মিচনৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, প্ৰশাসনিক বিষয়া আশোতোষ অগ্নিহোত্ৰী উপস্থিত থাকে।

Comments (1)
Add Comment
  • Mahfujul Haque

    Good news for unemployed youth of Assam, take the opportunity and enhance your skill. ?