নীল পৱন বৰুৱা আৰু পুলক গগৈৰ স্বাস্থ্যৰ বুজ ললে মন্ত্রী বিমল বড়াই -চিকিৎসা ব্যয় বহন কৰিব চৰকাৰে

গুৰুত্বভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ বিশিষ্ট চিত্রশিল্পী নীল পৱন বৰুৱা আৰু খোজ, শ্রী মতী মহিমাময়, সূৰুয,ৰেলৰ আলিৰ দুবৰি বন, মমতাজ আদি চলচ্চিত্রৰে অসমীয়া ছবিক সমৃদ্ধ কৰা চলচ্চিত্র পৰিচালক তথা চিত্র শিল্পী পুলক গগৈৰ স্বাস্থ্য আৰু চিকিৎসাৰ আজি বুজ লয় সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মীনাক্ষী দাস নাথক লগতলৈ মন্ত্রী বড়াই শিল্পী দুগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক প্ৰদান কৰা চিকিৎসা ব্যবস্থাৰ সন্দৰ্ভতো চিকিৎসক সকলৰ সৈতে আলোচনা কৰে। শিল্পী দুগৰাকীৰ সমগ্র চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলিও সাংস্কৃতিক মন্ত্রী বড়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যক অৱগত কৰাৰ লগতে তেওঁ লোকৰ পৰিয়ালৰ সৈতেও মতবিনিময় কৰে আৰু দুয়ো গৰাকী বৰ্ষীয়ান শিল্পীৰে আশু আৰোগ্য কামনা কৰে।

Comments (0)
Add Comment