নেতাজীৰ জন্মদিন উপলক্ষ্যে

নেতাজীৰ জন্মদিন উপলক্ষ্যে

IMG-20170123-WA0030

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন। সমগ্ৰ দেশৰ লগতে অসমতো আজিৰ দিনটোত নেতাজীক স্মৰণ কৰা হয়। নেতাজীৰ জন্মদিন উপলক্ষ্যে মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চকত এক অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্ম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অসমৰ মাননীয় ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানত মাননীয় ৰাজ্যপাল গৰাকীয়ে ভাষণ প্ৰসংগ কয় যে আমি নেতাজীৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে সংকল্পবদ্ধ হ’ব লাগে। দূৰ্নীতিৰ বিৰুদ্ধে, অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাৰ বান্ধি থিয় দিব লাগে। এই ক্ষেত্ৰত ভাৰত আৰু চীনৰ উন্নয়নৰ তুলনা আগবাঢ়ায় কয় যে ভাৰতৰ প্ৰায় লগতে চীন দেশে স্বাধীনতা লাভ কৰি আজি বহু দূৰ আগুৱাই গৈছে। কিন্তু ভাৰতত দুৰ্নীতিৰ বাবে আজিও সকলো স্তৰত ভাৰত অনগ্ৰসৰ হৈ পৰিছে। নেতাজীৰ মহান ত্যাগ আৰু বীৰত্বৰ পৰা আজি প্ৰজন্মই শিক্ষা গ্ৰহণ কাৰ উচিত। উল্লেখযোগ্য যে এই অনুষ্ঠানত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মাক আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াক “নেতাজী গৰিমা সন্মান” প্ৰদান কৰে। গায়িকা অনামিকা চৌধুৰী আৰু মিচ্মি বসুক নেতাজী প্ৰেৰণা সন্মান প্ৰদান কৰে।

IMG-20170123-WA0031

নেতাজীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কেপ্তেইন ৰবীন বৰদলৈয়ে আৰু শোভাযাত্ৰা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে জি. এম. চি ৰ মেয়ৰ মৃগেন শৰণীয়া। উল্লখযোগ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দোতৰা সাংস্কৃতিক মঞ্চই চিত্ৰাংকন প্ৰতিযোগিতা, সংগীত, নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।  

Comments (0)
Add Comment