নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অধীনত জৰীপ কাৰীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত

নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অধীনত সাক্ষৰতা সম্প্ৰসাৰণৰ অভিলাষী লক্ষ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ পূৰ্ণগতিত আগবাঢ়িছে। এই উদ্দেশ্যৰে অগ্ৰসৰ হৈ অসমক পূর্ণ সাক্ষৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আজি কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ৰাজ্যিক সাক্ষৰতা মিছন প্ৰাধিকৰণ, অসমৰ সৌজনত দিছপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত জৰীপ‌ কাৰীসকলৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে।মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে মানুহ হিচাপে আমি আমাৰ মা, দেউতা আৰু সমাজৰ পৰা জ্ঞান আৰু বুদ্ধিমত্তাৰ লাভ কৰো, কিন্তু আনুষ্ঠানিক শিক্ষাৰ বাদেও নাগৰিক হিচাপে জীয়াই থাকি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ বাবে আমাক কিছু কাৰিকৰী আৰু অন্য জ্ঞানৰ প্ৰয়োজন।তেওঁ লগতে উল্লেখ কৰে যে আমাৰ বহু মানুহে লিখিব বা পঢ়িব জানে কিন্তু কিছুমান বিষয় বুজি পোৱাত অসুবিধাৰ সন্মুখীন হয়।প্ৰতিগৰাকী নাগৰিকৰ বৰ্তমান সময়ত বিত্তীয়, আইন আৰু ডিজিটেল শিক্ষাৰ প্ৰয়োজন।গতিকে শিক্ষা বিভাগে ৰাজ্যখনৰ ১৫ পৰা ৩৫ বছৰ বয়সৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বাদ পৰি যোৱা ব্যক্তিসকলক চিনাক্ত কৰি এই পদক্ষেপৰ দ্বাৰা উদ্বুদ্ধ কৰি তুলিবলৈ প্ৰয়াস কৰিব, সেয়েহে তাৰ বাবে আজি শিক্ষা বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক জৰীপৰ বাবে প্ৰশিক্ষণৰ ব্যবস্থা কৰা হৈছে।
আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ঝর্ণা পাটগিৰি, কামৰূপ মহানগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী, দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাৰ লগতে বহু কেইগৰাকী সমল ব্যক্তি আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে উপস্থিত থাকে।

Comments (0)
Add Comment