ন সংযোজন – শুৱালকুছিৰ বস্ত্ৰশিল্পলৈ

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ নকৈ সংযোজন ঘটিল অনলাইন যোগে ক্ৰয় কৰিব পৰা এক ব্যৱস্থা। উল্লেখযোগ্য যে www.assamsilkpratisthan.com নামৰ সেৱাৰ জৰিয়তে সমূহ গ্ৰাহকে পাট, মুগা, তচ, চিল্ক আদিৰ বিভিন্ন ডিজাইনৰ কাপোৰ ক্ৰয় কৰিব পাৰিব।

কেৱল মহিলাৰ বাবেই নহয় সকলোৰে সাজ পোছাক অনলাইনত উপলব্ধ হ’ব। শুৱালকুছিৰ শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সকলো কাপোৰ এই ই কমাৰ্চ সেৱা উপলব্ধ হ’ব। আশা কৰা হৈছে শুছালকুছিৰ ঐতিহাসিক পাট মুগা বস্ত্ৰই ইয়াৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ’ব। এনে ধৰণৰ সুখবৰে প্ৰতিজন স্বজাতিৰ প্ৰেমিকক আনন্দিত কৰি তুলিছে।

Comments (0)
Add Comment