পথ কৰ আদায় দিব লাগিব ব্যৱসায়িক বাহনে

ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটী বেতকুছিস্থিত জিলা পৰিবহন বিষয়া কাৰ্য্যলয়ৰ জিলাখনৰ পঞ্জীয়ণভূক্ত ব্যৱসায়িক আৰু ব্যক্তিগত শ্ৰেণীৰ যান বাহনৰ গৰাকী সকলক ৩১ মাৰ্চৰ পূৰ্বে পথ কৰ আদায় দিবলৈ আহ্বান জনাইছে ৷ মাত্ৰ কিছুদিন পূৰ্বে জিলা পৰিবহন পঞ্জীয়ণ বিষয়াৰ দায়িত্ব বহন কৰা অৰুণ বৰাই জানিব দিয়া মতে যান-বাহনৰ পথকৰ আৰু অনুজ্ঞাপত্ৰ যিসকল গৰকীয়ে নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায় দিয়া নাই, তেওঁলোকক যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনাইছো ৷ যান-বাহনৰ গৰাকী সকলে ৩১ মাৰ্চৰ ভিতৰত কাৰ্যলয়লৈ আহি জমা দিব পাৰিব ৷ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয় সূত্ৰ অনুসৰি ২০১৭-২০১৮ বৰ্ষত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কামৰূপ জিলাৰ ১৭৮, ৪৪,৯২,২৯৭ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্য অহা ৩১ মাৰ্চত সামৰণি পৰিবলগীয়া বৃত্তীয় বৰ্ষৰ বিগত বৰ্ষতকৈ কেবা কোটিৰো অধিক টকা ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি নৱ নিযুক্ত জিলা পৰিবহন বিষয়া অৰুণ বৰাই ব্যক্ত কৰে ৷

Comments (0)
Add Comment