পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে Walkathon অনুষ্ঠিত

ৰাষ্ট্রীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি পথ সুৰক্ষা জীৱন ৰক্ষা শীৰ্ষক শ্লোগানেৰে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে আজি সৰুসজাই খেলপথাৰৰ সজাগতামূলক ‘Walkathon অনুষ্ঠিত হয়। অনুষ্ঠানটো ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৰাজ্যত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰাৰ দিশত যান-বাহন আইন সুচাৰুৰূপে মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয়- চন্দ্রমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Comments (0)
Add Comment