পলকতে দুটা ভাল খবৰ

পলকতে দুটা ভাল খবৰ

DSC_0256

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ সামৰণিৰ অনুষ্ঠান ৰাজ্যিক ভিত্তিত বিহপুৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অজি অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত স্বচ্ছ ভাৰত অভিযান ৰূপায়নৰ ক্ষেত্ৰত প্ৰৰ্দশন কৰা পাৰদৰ্শিতাৰ বাবে নলবাৰী আৰু শোণিতপুৰ জিলাক পুৰস্কৃত কৰে।

IMG-20171002-WA0031

আনহাতে আজি পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা আৰু পবিতৰা অভয়াৰণ্য। অৱশ্যে কাজিৰঙা অভয়াৰণ্য কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰে। কাজিৰঙা অভয়াৰণ্য মুকলি কৰি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মন্তব্য কৰে যে অহা ডিচেম্বৰ অথবা ফেব্ৰুৱাৰী মাহত গঁড়ৰ লগতে হাতী মহোৎসৱ অনুষ্ঠিত হ’ব। অতি শীঘ্ৰে ৯০ জন বনৰক্ষীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। 

FB_IMG_1506954864231

ইফালে এশিঙীয়া গঁড় আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য মুকলি কৰাৰ লগতে মায়ঙৰ ৰজাই হাতী ছাফাৰী মুকলি কৰে। স্মৰ্তব্য যে অভয়াৰণ্য দুখনলৈ অসংখ্য পৰ্যটক আগমন হৈছে। যথেষ্ট ৰাজহ সংগ্ৰহ হৈছে বুলি জানিব পৰা গৈছে।

 

Comments (0)
Add Comment