পলাশবাৰীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন

মন্ত্ৰী-বিধায়ক অথবা বিষয়া- আমোলাৰ ল’ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত যি সুবিধা লাভ কৰে সেই সুবিধা দুখীয়া জনতাৰ ল’ৰা-ছোৱালীকো দিয়াৰ দাবী তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই। লগতে মাতৃভাষাৰ বিদ্যালয়ত আমাৰ ল’ৰা-ছোৱালীয়ে ইংৰাজী ভাষা সলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব। আমাৰ বিদ্যালয়ৰ মাধ্যম কেতিয়াও ইংৰাজী হ’ব নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাক সমলোচনা কৰি তেওলোকৰ কথা মতে কাম নকৰাৰ হুংকাৰ দিয়াৰ পিছতেই এনেদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই। পলাশবাৰী পূজা মণ্ডপ প্ৰাঙ্গনত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা নৱবিংশতিতম্ বাৰ্ষি পলাশবাৰী অধিবেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানত আজি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমূজ্বল ভট্টাচাৰ্য্য উপস্থিত থাকি এইদৰে মন্তব্য কৰে। লগতে শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মূল বিষয়ৰ পৰা আতৰি অহা বুলি মন্তব্য কৰি আমাৰ মন্ত্ৰী বিধায়ক তথা বিষয়া আমোলাৰ ল’ৰা -ছোৱালীয়ে যি সা-সুবিধাৰে শিক্ষা লাভ কৰে সেই সা- সুবিধাৰে দুখীয়া ল’ৰা- ছোৱালীয়েও শিক্ষা লাভ কৰিব লাগে। মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাটো সলসলীয়াকৈ কব পৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই। অধিবেশনত সদৌ অসম ছাত্র সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকি গণতান্ত্ৰিক চৰিত্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অক্ষুন্ন ৰখাটো প্ৰয়োজন বুলি মন্তব্য কৰে। শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে মূল বিষয়টোৰ পৰা আতৰি আহি আছুক সমলোচনা কৰি বিষয়টোৰ অন্য ধৰণে নিব খোজা বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদক বৰুৱাই। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে। সভাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ একাদিক্ৰমে সৰ্বোচ্চ নম্বৰ লাভ কৰা পা‍ঁচগৰাকী ছাত্ৰ-ছাত্ৰী, যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি এই স্থান পাবলৈ সক্ষম হৈছে সেই শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে ডিষ্টিংচন আৰু ষ্টাৰ লাভ কৰা সকলো ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। অনুষ্ঠানত স্মৃতিগ্ৰন্থ ‘দক্ষিণ কণ্ঠ’ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্যই। অধিবেশনত প্ৰাক্তন উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মা, যুৱ বিজ্ঞানী তথা সহকাৰী অধ্যাপক ড০ ৰূপম গোস্বামী, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাস, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাসসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
বাতৰি যুগুতালে জিতুমণি দাসে।

Comments (0)
Add Comment