পশ্চিমবংগত উত্তৰ বঙ্গ কবিতা উৎসৱ

পশ্চিমবংগত উত্তৰ বঙ্গ কবিতা উৎসৱ

অসমৰ দুগৰাকী বিশিষ্ট কবি, সাহিত্যিক, সমালোচকক্ৰমে দীপক শৰ্মা আৰু দিলস্ লক্ষ্মীন্দ্ৰ সিংহক যোৱা ১৫ জানুৱাৰীত পশ্চিমবংগৰ কোচবিহাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত “উত্তৰ বঙ্গ কবিতা উৎসৱ” ত বিপুল ভাৱে সন্মান‌ প্ৰদান কৰে । কোচবিহাৰ জিলা অঙ্কুৰোদগমৰ‌ সৌজন্যত অনুষ্ঠিত বিশাল কবি উৎসৱত অসমৰ কবি দীপক শৰ্মা আৰু দিলস্ লক্ষ্মীন্দ্ৰ সিংহক দুয়োজনাকে পৃথকে পৃথকে তিলক পিন্ধাই ফুলৰ‌ থোপা, অঙ্গ বস্ত্ৰ, স্মাৰক, গ্ৰন্থ টোপোলা আদিৰে সন্মান জ্ঞাপন কৰে । অঙ্কুৰোদগমৰ সম্পাদক তথা পশ্চিমবঙ্গৰ জনপ্ৰিয় লেখিকা অঞ্জনা দে ভৌমিকে আঁত ধৰা অনুষ্ঠানত উত্তৰ‌ বঙ্গ উন্নয়ন মন্ত্ৰী উদয়ন গুহ, বলিষ্ঠ সাহিত্যিক‌‌‌ ৰঞ্জিৎ দেৱ, ড০ আনন্দ গোপাল ঘোষ, ড০ অলক সাহা, প্ৰসিদ্ধ‌ আইনজীৱী অভিজিৎ দে ভৌমিক, গৌতম‌‌ ভাদুৰি, কোচবিহাৰ জিলা ন্যায়ধীশ পৱন‌ কাৰ্ডিকান, ড০ বৰুণ সাহা প্ৰমুখ্যে ৰাজ্যখনৰ ভালেসখ্যক বিশিষ্ট কবি, সাহিত্যিকে অংশ গ্ৰহণ কৰে । ১৪ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ‌ অনুষ্ঠিত কবি উৎসৱত অংশ লৈ কবি দীপক শৰ্মাই কয় – “এইখনে এখন‌ কবিৰ‌‌ মিলন তিৰ্থ । কবিৰ ভাষা‌ নাই, কবিৰ‌ জাতি নাই । নিহংকাৰী কবিয়ে জগতত স্থান পায়। কবিৰ‌ মনৰ দুৱাৰ‌ প্ৰতি পল‌ খোলা থাকিব‌ লাগে।” কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয় – “ৰবীন্দ্ৰ নাথ ঠাকুৰ, শ্ৰীমন্ত শঙ্কৰদেৱ, ভূপেন হাজৰিকাৰ বিভিন্ন দিশ, কবিতাৰ উদাহৰণ দি আজিৰ‌ কবিৰ‌ চিন্তা-ভাৱনা, সমাজ-দহৰ প্ৰতি কৰ্তব্যৰ কথা‌ দোহাৰে। দুয়োদিনৰ কবি উৎসৱত প্ৰায় চাৰি শতাধিক ভাৰতৰ ভিন‌ ভিন
প্ৰান্তৰ কবিয়ে নিজ নিজ ভাষাত‌ কবিতা পাঠ কৰে।

Comments (0)
Add Comment