পশ্চিম গুৱাহাটীৰ খানামুখৰ মিনতি বৈশ্যই দেখুৱাইছে অনন্য নিদৰ্শন

যান্ত্ৰিকতাৰ পৃথিৱীত সহজলভ্য ধনৰ আশাত শিক্ষিত চামৰ বেছিভাগেই এটা চৰকাৰী চাকৰিৰ পাছত দৌৰি জীৱনৰ বহু মূল্যবান সময় নষ্ট কৰা পৰিলক্ষিত হৈছে । কিন্তু এনে সময়তে চৰকাৰী চাকৰিৰ পাছত দৌৰি সময় নষ্ট নকৰি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ কেহেৰুৱাৰী অঞ্চলৰ মিনতি বৈশ্য নামৰ যুৱতী গৰাকীয়ে মাতৃ , ককায়েক আৰু ভাতৃৰ সহযোগত কৃষি কৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । আনকি মাতৃ কুসুম বৈশ্যৰ সৈতে মিনতি বৈশ্যই ককায়েক হৰেন্দ্ৰ বৈশ্য আৰু ভাতৃ শৈলেন বৈশ্যই প্ৰায় ৭ বছৰ পূৰ্বে বছৰৰ সকলো ঋতুতে কৃষি কৰ্ম কৰিব পৰাকৈ ঘৰৰ চৌহদত এক বিঘা মাটিত নিৰ্মাণ কৰা গ্ৰীণ হাউছত কৃষি কৰ্ম কৰি প্ৰসংশা লাভ কৰিছে। এই সন্দৰ্ভত মিনতি বৈশ্যই জানিবলৈ দিয়া মতে প্ৰয়াত পিতৃৰ দিনৰ পৰাই তেওঁলোকৰ পৰিয়ালটো কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰশীল । আগতে হালোৱা গৰুৰ দ্বাৰা খেতি কৰা হৈছিল । কিন্ত বিগত প্ৰায় আঠ ,- দহ বছৰ ধৰি ককায়েক হৰেন্দ্ৰ বৈশ্যই কৃষি বিভাগৰ জৰিয়তে উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বিজ্ঞানসন্মত ভাবে গ্ৰীণ হাউছত কৃষিকৰ্ম কৰি আৰ্থিক ভাৱে স্বাবলম্বী হবলৈ সক্ষম হৈছে । বৰ্তমান এক বিঘা মাটিত নিৰ্মাণ কৰা তিনিটা গ্ৰীণ হাউছত বছৰৰ সকলো ঋতুতে পালেং আৰু অন্যান্য শাক পাচলি খেতি কৰি বছৰত প্ৰায় দুই লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তাৰ বাহিৰেও বাকী খালি মাটিত মিনতি বৈশ্যই মাতৃ , ককায়েক আৰু ভাতৃৰ সৈতে আলু , কবি , ধনীয়া , খুতুৰা , মূলাকে ধৰি আন আন ঋতুকালীন খেতি কৰি আহিছে । বৰ্তমান গ্ৰীণ হাউছত পালেং শাকৰ খেতি কৰি কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰথমাবস্থাত অৰ্থাৎ মে` মাহত বজাৰলৈ শাক নিব নোৱাৰাত কিছু শাক নষ্ট হৈছিল । কিন্ত পৰৱৰ্তী সময়ত ক’ভিডৰ এছ অ পি কিছু শিথিল কৰি দিয়াত বজাৰত উচিত মূল্য পাবলৈ সক্ষম হয় । প্ৰথম অৱস্থাত ককায়েক আৰু ভাতৃক কৃষি কৰ্মত সহায় কৰাৰ লক্ষ্যৰে কৃষি কৰ্ম কৰিছিল যদিও শাক পাচলি উঠোৱাৰ পৰা আৰম্ভ কৰি বিজ্ঞানসন্মতভাবে কৃষি কৰ্ম কৰি উৎপাদন কিদৰে বৃদ্ধি কৰিব পাৰি তাৰ বহু কৌশল আয়ত্ব কৰিবলৈ সক্ষম হৈছে । তেনেদৰে গাই খিৰোৱা কামো নিজে কৰি আহিছে । সমান্তৰালভাৱে বৰ্তমান শালি ধানৰ খেতিৰ ভূঁই ৰোৱাৰ বাবে সাজু হৈছে বুলি ব্যক্ত কৰি মিনতি বৈশ্যই কয় আগ্ৰহ থাকিলে পুৰুষৰ সমানে সমানে মহিলায়ো কৃষি কৰ্ম কৰি স্বাৱলম্বী হ`ব পাৰে আৰু নিজৰ লগতে ঘৰখনকো আৰ্থিক ভাৱে সকাহ দিব পাৰে ।উল্লেখযোগ্য যে স্নাতক ডিগ্ৰীধাৰী মিনতি বৈশ্য মহিলা আত্মসহায়ক গোটৰ সৈতেও জড়িত আৰু বৃহত্তৰ খানামুখ অঞ্চলৰ বিভিন্ন সামাজিক – সাংস্কৃতিক কাম কাজৰ সৈতেও জড়িত হৈ আছে।
বাতৰি যুগুতালে জিতুমনি দাসে

Comments (0)
Add Comment