পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত ঐতিহাসিক শিলপোতা সত্ৰ সংযোগী নৱনির্মিত পথৰ দাঁতিত বৃক্ষৰোপন

পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ  উদ্যোগত ঐতিহাসিক শিলপোতা সত্ৰ সংযোগী নৱনির্মিত পথৰ দাঁতিত বৃক্ষৰোপন

পশ্চিম গুৱাহাটীৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব মাজিৰগাঁওস্থিত ঐতিহাসিক শিলপোতা সত্ৰ চৌহদক ন -ৰূপ দিয়াৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ ” অসম দৰ্পন” আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলে সত্ৰ সংযোগী পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম সম্পন্ন কৰি আছে । আনহাতে ২৮ আগষ্টত সত্ৰ সংযোগী পথচোৱাক সৌন্দৰ্যবৰ্ধনৰ লগতে পৰিবেশ অনুকুল কৰি ৰাখিবৰ বাবে পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত পথচোৱাৰ দাঁতিত বৃক্ষৰোপন কৰা হয় । এটি বকুল গছৰ পুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই গছপুলি ৰোপন কৰি নৱনির্মিত পথছোৱা পৰিদৰ্শন কৰি কামৰ বুজ লয় আৰু আঁচনি অনুসৰি লোক নিৰ্মাণ বিভাগে কামখিনী কৰা বাবে সন্তুষ্টি প্ৰকাশ কৰে।আনহাতে কাৰ্যসূচীত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধীৰাজ শৰ্মা , সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি , কনিষ্ঠ অভিযন্তা অমল ডেকা , অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , সত্ৰ পৰিচালনা কমিটিৰ সম্পাদক আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

Comments (0)
Add Comment