পশ্চিম মাছখোৱাবাসীক মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ  ভোগালীৰ উপহাৰ-গন্ধিয়াত অত্যাধুনিক ষ্টেডিয়াম উদ্বোধন

পশ্চিম মাছখোৱাবাসীক মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ  ভোগালীৰ উপহাৰ-গন্ধিয়াত অত্যাধুনিক ষ্টেডিয়াম উদ্বোধন

ধেমাজি জিলাৰ সীমামূৰীয়াত অৱস্থিত বৃহত্তৰ পশ্চিম মাছখোৱাবাসীক ভোগালী বিহুৰ এক অনবদ্য  উপহাৰ শুক্ৰবাৰে প্ৰদান কৰিলে ৰাজ্য চৰকাৰৰ শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পাছপৰা শ্ৰেণী কল্যান দপ্তৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্মৰ মাজত সুপ্ত  ক্ৰীড়া প্ৰতিভা বিকশিত হোৱাত সহায়ক হোৱাকৈ শুক্ৰবাৰে গন্ধিয়াত এখন ব্যয় বহুল  ফুটবল ষ্টেডিয়াম নিৰ্মান সম্পূৰ্ণ কৰি ক্ৰীড়াপ্ৰেমী ৰাইজৰ নামত উৎসৰ্গা কৰে মন্ত্ৰী ডাঃ পেগুৱে ।  প্ৰায় ৪ কোটি  টকা ব্যয়ৰে গন্ধিয়া হাইস্কুল খেল পথাৰত নিৰ্মিত অত্যাধুনিক সা সুবিধা বিশিষ্ট উন্নত মানদণ্ডৰ ষ্টেডিয়ামখন শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে ফিটা কাটি শুভ উন্মোচন কৰে মন্ত্ৰী ডাঃ পেগুৱে । লখিমপুৰ লোক সভা সমষ্টিৰ  সাংসদ প্ৰদান বৰুৱাৰ সহযোগিতাত  উদ্ধোধন কৰা ষ্টেডিয়ামখনৰ উন্মোচনী অনুষ্ঠানত ধেমাজি জিলা অগপৰ সভাপতি লক্ষী ধৰ সেনচোৱা , অগপৰ ধেমাজি বিধান পৰিষদৰ সভাপতি তথা ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমনি গোঁহাই চেতিয়া ,হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণবজিত গগৈ , অগপৰ কেন্দ্ৰীয় নেতা সমুজ্জ্বল চেতিয়া, জিলা নেতা দুলাল দত্ত, বিজেপি নেতা লক্ষ্মী নন্দন শইকীয়া, নোমল গগৈ আদি দলীয় নেতৃবৰ্গৰ উপৰিও বিভিন্ন পঞ্চায়ত প্ৰতিনিধি আৰু  গৰিষ্ঠ সংখ্যক ৰাইজ উপস্থিত থাকে।এই সন্দৰ্ভত আয়োজিত এক অনুষ্টুপিয়া  উন্মোচনী সভাত  বক্তব্য ৰাখি মন্ত্ৰী ডাঃ পেগুৱে বিদ্যায়তনিক দিশত এগৰাকী শিক্ষাৰ্থী আগুৱাই যোৱাৰ সমান্তৰাল ভাৱে ক্ৰীড়া ক্ষেত্ৰখনটো সমানে পাৰদৰ্শীতা প্ৰদৰ্শনৰ প্ৰাসংগিকতা সাম্প্ৰতিক সময়ত আহি পৰিছে বুলি কৈ লাভলীনা বৰগোঁহাইৰ দৰে প্ৰতিখন গাঁওৰ সুপ্ত ক্ৰীড়া প্ৰতিভা সমূহ উলিয়াই অনাত এই ষ্টেডিয়ামে বৰেণ্য অৱদান আগবঢ়াই যাব বুলি মন্তব্য কৰে ।সভাত সাংসদ প্ৰদান বৰুৱায়ো চমু বক্তব্য ৰাখে। ষ্টেডিয়ামখনতে গন্ধিয়া-ধেনুখণা একাদশ আৰু হাৰ্হি-শিঙিয়া একাদশৰ মাজত এখন উদ্ধোধনী ফুটবল খেল অনুষ্ঠিত কৰা হয় ।খেলত গন্ধিয়া ধেনুখণা একাদশ  দলে চূড়ান্ত বিজয়ীৰ সন্মান অর্জন কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment