পাপন অনুৰাগীৰ ব্যতিক্ৰমী প্ৰয়াস

চিনেমাৰ নায়ক নায়িকাৰ প্ৰতি আকৰ্ষিত হৈ ষ্টাইল কপি সকলোৱে কৰে। কিন্তু অনুৰাগী সকলৰ খুব কমেহে বাস্তৱক্ষেত্ৰত কোনো কাম  তেওঁলোকৰ বাবে  উৎসৰ্গিত কৰে। আজি আপোনাক জনাবলৈ লৈছো সংগীত শিল্পী পাপনৰ অনুৰাগী দুজনৰ বিষয়ে। তেওঁলোক দুজন হ’ল প্ৰবাল প্ৰতীম বৰা আৰু পাৰ্থ প্ৰতীম বৰা। এই দুজন উদ্যমীয়ে অলপতে গুৱাহাটীৰ হেঙেৰাবাৰীত ষ্ট্ৰীং নামৰ এখন কাফে আৰম্ভ কৰিছে।উল্লেখযোগ্য যে এই কাফে খনত কেৱল পাপনৰ গান সংগীত লগায়। ইয়াৰ উপৰিও পাপনৰ বিভিন্ন ফটো কাফেখনত সজোৱা আছে। এই সম্পৰ্কে প্ৰবালে জনায় যে মই পাপনক বহুত ভাল পাও।দেশৰ লগতে বাহিৰতো এনেধৰণৰ কাফে আছে। কিন্তু অসমত এনেধৰণৰ কাফেৰ অভাৱ অনুভৱ কৰাৰ বাবে এই কাফে খন আৰম্ভ কৰিলো। কিছুদিনৰ পিছৰ পৰা কাফেখনত বিভিন্ন বেণ্ডে সংগীত পৰিবেশন কৰিব।লগতে আদ্দা তথা আলোচনাৰ কৰাৰ সুবিধা থাকিব। স্মৰ্তব্য যে কাফেখনত নুন্যতম ৩০ টকাৰ সৰ্বোচ্চ ১৮০ টকাৰ মূল্য খাদ্য সম্ভাৰ উপলব্ধ।

Comments (0)
Add Comment