পূজাৰ বিশেষ লেখা

পূজাৰ বতৰ । চৌদিশে চলিছে পূজা মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা । কিন্তু তেনে সময়তে কেৱল খবৰ কাগজৰ কাকতেৰে যোৰহাট বৰভেটিৰ অঞ্জন তামুলীয়ে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমাই সকলোকে দৃষ্টি আৰ্কষণ কৰিছে। উল্লেখযোগ্য যে অঞ্জন তামুলীয়ে  যোৱা বছৰৰ পৰা দুৰ্গা পূজা ভাগ এনেদৰে ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ সক্ষম হৈছে।

আচলতে অঞ্জন তামুলীয়ে নিচেই সৰুৰ বয়সৰ পৰা নিজস্ব ধাৰণাৰ বিভিন্ন প্ৰতিমা প্ৰস্তুতৰ কাম সমাপন কৰিছিল। তেওঁ পোন প্ৰথমে সৰস্বতী প্ৰতিমাৰে প্ৰতিমা সজা কাৰ্য্য শুভাৰম্ভ কৰিছিল। এই সম্পৰ্কে NE Focus ৰ ফালৰ পৰা হোৱা এক কথা বাৰ্তা তামুলীয়ে এনেদৰে কয়। মই সাংস্কৃতিক আৰু সামাজিক দিশত কাম কৰি ভাল পাও। বাতৰি কাগজ বোৰ আটা গুৰি আৰু পানীৰে আঠা লগাই প্ৰতিমাক প্ৰাণ দিয়াৰ প্ৰয়াস কৰো । ইয়াৰ বাবে আগতে বাঁহৰ কামিৰে ফ্ৰেমবোৰ প্ৰস্তুত কৰি লওঁ।

স্মতৰ্ব্য যে গনেশ, লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু হাহঁ, নিগনি, ময়ুৰ আৰু মনোৰঞ্জনৰ বাবে ঘৰিয়াল নিৰ্মাণ কৰিছে।

উল্লেখ্য যে অঞ্জন তামুলী এজন আইনৰ ছাত্ৰ। তেওঁ শেহতীয়াকৈ সাঁচিপাত প্ৰস্তুত কৰণতো জড়িত হৈ আছে। আৰু এনে কামৰ ওপৰত অনাগত দিনত কাম কৰি যোৱাৰ আশা পুহি ৰাখিছে।

অঞ্জন তামুলীৰ কৰ্মাদৰ্শই আন দহজনক যাতে অনুপ্ৰাণিত কৰে তাৰ বাবে খবৰৰ লগতে কাহিনীভাগ সন্নিবিষ্ট কৰিলো আৰু আমাৰ ফালৰ পৰা বহু শুভকামনা জনালো।

Comments (1)
Add Comment
  • Monidip

    অন্জন ভাইটিলৈ থাকিল মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ…