পূৰণ ভৱানীপুৰৰ শ্ৰী শ্ৰী গোপাল দেৱ আতাৰ ৪১২ সংখ্যক বাৰ্ষিক তিৰোভাৱ আৰু ৪৮২ সংখ্যক বাৰ্ষিক আৱিৰ্ভাৱ তিথি মহোৎসৱত সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ

আজি অসম সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিনিধিৰ দল এটি বৰপেটা জিলাৰ ভৱানীপুৰত উপস্থিত হয়। আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত যোৱা আয়োগে সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে মত বিনিময় কৰে। উক্ত বৈঠকত সত্ৰৰ বিষয়ববীয়াসকলে সত্রই মুখামুখি হৈ থকা সমস্যাৰ কথা উল্লেখ কৰে। তাৰোপৰি পূৰণ ভৱানীপুৰৰ শ্ৰী শ্ৰী গোপাল দেৱ আতাৰ ৪১২ সংখ্যক বাৰ্ষিক তিৰোভাৱ আৰু ৪৮২ সংখ্যক বাৰ্ষিক আৱিৰ্ভাৱ তিথি মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী গোপাল দেৱ আতাৰ জীৱন দৰ্শনৰ ওপৰত এক ধৰ্ম সভাত অংশগ্ৰহণ কৰে। ৪১ নম্বৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তিথি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ড° মনোৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৪১ নম্বৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ , আয়োগৰ সদস্য সচিব অশোক কুমাৰ বৰ্মন, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা ,শ্ৰী শ্ৰী নাচনিপাৰ সত্ৰৰ সত্ৰাধিকাৰ মোহন চন্দ্ৰ গোস্বামী ,শ্ৰী শ্ৰী গোপাল দেৱ আতা সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰ নাথ বৰ্মন,আয়োগৰ কনচালটেন্ট অতুল দাসৰ লগতে বহুতো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আয়োগৰ অধ্যক্ষগৰাকীৰ লগতে অন্যান্য বক্তাসকলে ভাষা, কৃষ্টি-সংস্কৃতিৰে অসমীয়া জাতি মহীয়ান কৰি থৈ যোৱা মহাপুৰুষ গুৰুজনাৰ আদর্শ বিজড়িত সত্ৰসমূহৰ উন্নয়নৰ বাবে, সমাজৰ বাবে এক হৈ থাকি সকলোকে অৰিহনা আগবঢ়াবলৈ আহ্বান জনায় আৰু শুদ্ধ তথ্য দাখিলেৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ কয়।

উল্লেখযোগ্য যে অসমৰ সত্ৰসমূহৰ ভূমিকে ধৰি বিভিন্ন সমস্যা সম্পর্কে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰিবলৈ ২০২১ বৰ্ষৰ ১৭ ডিচেম্বৰত এবছৰ কার্যকাল নিৰ্দ্ধাৰণেৰে বিধায়ক প্রদীপ হাজৰিকাক কেবিনেট মর্যাদাৰে অধ্যক্ষ হিচাপে আৰু বিধায়কদ্বয় ক্রমে মৃণাল শ‍ইকীয়া আৰু ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰি তিনিজনীয়া সত্ৰ আয়োগখন গঠন কৰি দিয়া হৈছিল। যোৱা জানুৱাৰী মাহৰ পৰা পুনৰ এবছৰৰ বাবে এই আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয়।

Comments (0)
Add Comment