আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এটা ৱেব পৰ্টেল মুকলি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । আজি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডা: ধ্ৰুৱজ্যোতি হাজৰিকাই NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা kamrupmetro-pg.assam.gov.in নামৰ ৱেব পৰ্টেলটো আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে।এই ৱেবপৰ্টেলটো লগ ইন কৰি পঞ্জীয়ন কৰাৰ পিছত নিৰ্বাচনী বিধি ভংগকে ধৰি সকলো ধৰনৰ অভিযোগসমূহ জনসাধাৰণে অনলাইন যোগে দাখিল কৰিব পাৰিব। আনহাতে, এই পৰ্টেলত লগ ইন কৰিয়েই পৰৱৰ্তী সময়ত সেই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰা হ’ল অভিযোগকাৰীয়ে জানিব পাৰিব।অভিযোগকাৰীসকলে অভিযোগ কৰোতে স্থান আদি উল্লেখ কৰি ছবি সংলগ্ন কৰিব পাৰিব। নিৰ্বাচনী বিধি নিৰীক্ষণত এই ৱেব পৰ্টেলটো বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে এই ৱেব পৰ্টেলে মহানগৰীৰ ভোটাৰ ৰাইজক আন ক্ষেত্ৰতো সহায় কৰি স্বচ্ছ আৰু নিয়াৰি নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিব বুলি কোৱা হৈছে।
পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ ৱেব প’ৰ্টেল মুকলি
