প্ৰথম তিনি শীৰ্ষৰ মনৰ কথাৰে

আজি উচ্চতৰ মাধ্যামিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰে ফলাফল ঘোষণা কৰা হৈছে। যি সকল ছাত্ৰ ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল সেইসকল ছাত্ৰ ছাত্ৰীক nefocus.com ৰ ফালৰ পৰা জনালোঁ আন্তৰিক আভিনন্দন।

আমি কথা পাতিছিলো তিনিটা শাখাত শীৰ্ষ স্থানেৰে উজলি উঠা ৩ গৰাকী ছাত্ৰ – ছাত্ৰী লগত। জানিব বিচাৰিছিলো তেওঁলোকৰ দিনপঞ্জী আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পৰ্কে। তেনে কিছুমান তথ্য সমৃদ্ধ কথাৰে লেখাটো আগবঢ়ালো।

এইবাৰ কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ কৃষ্ঞগুৰু মহাবিদ্যালয়ৰ পৰা অলকা দাসে। উল্লেখযোগ্য যে অলকা দাসে সৰ্বমুঠ ৪৮০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ আধ্যত্মিক শিক্ষাৰে শিক্ষিত অলকাৰ আৰত কৃষ্ঞগুৰু প্ৰভু, শিক্ষাগুৰু আৰু মা দেউতাকৰ ভুমিকা আছে। অলকাই আমাক জনাইছিল এনেদৰে মোৰ ঘৰ লখিমপুৰ জিলাৰ নকাৰীৰ ১ নং ৱাৰ্ডত। মই দৈনিক ৮/৯ ঘণ্টা অধ্যয়ন কৰিছিলো। অতি মনোযোগ দি অধ্যয়ন কৰিছিলো। পৰীক্ষাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মাৰ্ক অনুসৰি কম কথাৰে অধিক তথ্য সন্নিবিষ্ট কৰিছিলো। মোৰ গুৰুসকলৰ আৰ্শীবাদ, শুভেচ্ছাই আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰেৰণা দিছিল। পৰবৰ্ত্তী সময়ত ইংৰাজীত অনাৰ্চ লম। ভবিষ্যতে এগৰাকী IAS বিষয়া হোৱা সপোন পুঁহি ৰাখিছো।

আনহাতে বিজ্ঞান শাখাত প্ৰথম স্থান অধিকাৰ ক’বলৈ সক্ষম হৈছে নগাওঁ ৰামানুজন জুনিয়ৰ কলেজৰ ৰাজা বাবু শইকীয়াই। উল্লেখযোগ্য যে ৰাজা বাবু শইকীয়াই সৰ্বমুঠ ৪৮২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। কলেজৰ অধ্যক্ষ তথা গুৰুসকলৰ ভূমিকাৰ প্ৰসংগত ৰাজা বাবু শইকীয়া এনেদৰে ব্যক্ত কৰে যে কেতিয়াবা যদি পঢ়ি থাকোতে ৰাতি ১২ বজাটো কিবা নুবুজা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপাও, চাৰ বাইদেউৱে বুজাই দিয়াত কুণ্ঠবোধ নকৰিছিল। মই ভাবো নিজৰ প্ৰচেষ্টাৰ লগতে এখন ভাল কলেজত অধ্যয়ন কৰিলেহে সফলতা লাভৰ পথ সুগম হয়। ভবিষ্যতে মেকানিকেল ইঞ্জিনিয়াৰিংত অধ্যয়ন কৰাৰ লক্ষ্য আছে। শিক্ষাগুৰু সকলৰ প্ৰচেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হ’লো।

ইফালে বাণিজ্য শাখাত প্ৰথম স্থানেৰে উজলি উঠিল গুৱাহাটীৰ কি চি দাস কৰ্মাচ কলেজৰ ছাত্ৰ প্ৰশান্ত গোৱেলে। প্ৰশান্ত গোৱেলে সৰ্বমুঠ ৪৭১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাৰ সৰ্ম্পকে জানিব বিচৰাত এনেদৰে জনায়- বছৰটোৰ আৰম্ভণিৰ পৰা এই লক্ষ্য ৰাখি অতি মনোযোগেৰে অধ্যয়ন চলাইছিলো। কোনো ধৰণৰ টেনচন লোৱা নাছিলো। দৈনিক ৬-৭ ঘণ্টাকে অধ্যয়ন কৰিছিলো। পৰৰ্বত্তী সময়ত বি কম কৰি UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰৱল ইচ্ছা আছে।

এয়া আছিল উচ্চতম মাধ্যমিকৰ প্ৰথম ৩ গৰাকী (৩ টা শাখাৰ)মনৰ কথা।আমাৰ শুভকামনা থাকিল সমূহ শিক্ষাৰ্থীলৈ। অনাগত দিনত জাতি, মাটি আৰু দেশৰ স্বাৰ্থত আত্মনিয়োগ কৰি সুনাগৰিক হয় তাৰেই কামনা কৰিলো।

 

Comments (0)
Add Comment