প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা দীপক বোহৰাই যোৱা ২৪ ডিচেম্বৰত থলুৱা প্ৰযুক্তিৰে বেটেৰীচালিত ই-ৰিক্সা নিৰ্মাণ কৰা গুৱাহাটীৰ ধাৰাপুৰস্থিত কুমাৰ ইঞ্জিনিয়াৰিঙ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ কাৰখানা চৌহদ পৰিদৰ্শন কৰে। কাৰখানা চৌহদত বিশেষ উপদেষ্টা গৰাকীক আদৰণি জনাই কুমাৰ ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ কুমাৰ গৌৰৱে। কাৰখানা চৌহদত বিশেষ উপদেষ্টা দীপক বোহৰাই আত্মনিৰ্ভৰ ভাৰত আঁচনিত অনুপ্ৰাণিত হৈ সুলভ মূল্যত গুণগত মানদণ্ডৰ ই-ৰিক্সা নিৰ্মাণ কৰি গ্ৰাহকক যোগান ধৰা বাবে কুমাৰ ইঞ্জিনিয়াৰিঙৰ শলাগ লয়। তেওঁ কুমাৰ গৌৰৱৰ সৈতে কাৰখানা চৌহদত ই- ৰিক্সাত কিছু সময় চফৰ কৰে। তাৰ পাছত তেওঁ কুমাৰ গৌৰৱৰ সৈতে তাৰ পৰা প্ৰায় চাৰি কিঃমিঃ নিলগৰ গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত থকা কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰ্যালয় আৰু শ্ব-ৰুম পৰিদৰ্শন কৰে। তাত উপস্থিত কৰ্মচাৰী সকলৰ সৈতেও বিশেষ উপদেষ্টা গৰাকীয়ে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা দীপক বোহৰাৰ গুৱাহাটীৰ কুমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰখানা চৌহদ-কাৰ্যালয় পৰিদৰ্শন
