প্ৰেম আৰু কৰুণাৰ প্ৰতীক দয়া কুটীৰ

প্ৰেম আৰু কৰুণাৰ প্ৰতীক দয়া কুটীৰ

WhatsApp Image 2018-03-06 at 3.37.42 PM

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেনেলৰ এটা বিশেষ অনু্ষ্ঠান। যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ কেইগৰাকীমান মনে মিলা ব্যক্তিয়ে গঢ় দিছে এটা অনুষ্ঠান। যাৰ নাম দয়া কুটীৰ। স্বাভাৱিকতে আপোনাৰ মনলৈ প্ৰশ্ন আহিব দয়া কুটীৰ কি? ইয়াৰ দ্বাৰা কেনে ধৰণৰ কাম হয়? দয়া কুটীৰ হ’ল দুখীয়া নিচলা জনৰ সহায়ৰ এনে এটা অনু্ষ্ঠান যাৰ জৰিয়তে নিচলাজনে বিচাৰি পাইছে মানুহৰ মৌলিক প্ৰয়োজনৰ কেইপদমান সম্পদ।WhatsApp Image 2018-03-06 at 3.37.07 PM
দয়া কুটীৰ হ’ল সুশীল শৰ্মাৰ নামৰ এগৰাকী ব্যক্তিৰ চিন্তাৰ ফচল। জানিব পৰা মতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা অনুষ্ঠানৰ পৰা অনুপ্ৰাণিত হৈ সুশীল শৰ্মাই শিৱসাগৰৰ আমগুৰিৰ বৰচিলাত দয়া কুটীৰ জন্ম দিয়ে। এই ক্ষেত্ৰত তেখেতৰ সহযোগী প্ৰায় ১৬ গৰাকী ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়। 

WhatsApp Image 2018-03-06 at 3.36.24 PM

আচলতে লক্ষ্য যেতিয়া স্থিৰ হয়, উদ্দেশ্য যেতিয়া মহান হয় সকলোৱে লগ দিব বিচাৰে। সুশীল শৰ্মাৰ লগতো ঠিক তেনে হ’ল। তেখেতৰ এনে কামত সহায় কৰিলে বহুতো সুহৃদয়ৱান লোকে। ২০১৭ চনৰ ৭ ডিচেম্বৰত জন্ম গ্ৰহণ দয়া কুটীৰে প্ৰতি দেওবাৰে বিভিন্ন ঠাইত গৈ দুখীয়া, নিচলা সকলক কাপোৰ, কিতাপ আদিবোৰ যোগান ধৰে। জানিব পৰা মতে প্ৰতি শণিবাৰে কাপোৰৰ লগতে অন্যান্য সা- সামগ্ৰী দয়া কুটীৰৰ লগত জৰিত সকলে সংগ্ৰহ কৰে অথবা কোনোবা সুহৃদে সহায়ৰ হাত আগবঢ়ায়।

WhatsApp Image 2018-03-06 at 3.57.21 PM

এক কথাত ক’বলৈ গ’লে দয়া কুটীৰৰ ৰাইজৰ অনুষ্ঠান। য’ত প্ৰেম, দয়া আৰু কৰুণাৰ জয়গান প্ৰতিধ্বনিত হয়। আপুনিও হ’ব পাৰে দয়া কুটীৰৰ লগত সম্পৰ্কিত এজন ব্যক্তি। অথবা আগবঢ়াব পাৰে সহায়ৰ হাত …. যোগাযোগ কৰিব পাৰে ৯৩৬৫০৬৩৬৩৫, ৯৯৫৪২৮৭১৫৪ আৰু ৯৯৫৭৩৪৮০৭২ নম্বৰত।

Comments (2)
Add Comment
  • Bikash

    Good reporting. Encouraging news.

  • Sangeetasaikia

    Thankyou..