পৰিবহণ বিভাগৰ বিষয়াবৰ্গৰে আলোচনাত মিলিত নৱনিযুক্ত পৰিবহণ আয়ুক্ত ড° ৰবীন কুমাৰ- ৰঙালী বিহুৰ বৃহৎ অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়চোৱাত শৃংখলাবদ্ধ- সুৰক্ষিত যাতায়তৰ নিৰ্দেশ

নৱনিযুক্ত পৰিবহণ আয়ুক্ত ড° ৰবীন কুমাৰ(আইপিএছ) আজি পৰিবহণ আয়ুক্তৰ সভাগৃহত বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতত এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়৷

সভাত আগন্তুক ৰঙালী বিহু উপলক্ষে ১৪ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমত প্ৰথমবাৰৰ বাবে প্ৰায় ১১হাজাৰ ঢুলীয়া-নাচনীয়ে একেলগে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহু পৰিবেশন কৰি গ্ৰীনিজ বুকত স্থান লাভৰ উদেশ্যে অনুষ্ঠিত হ’বলগীয়া বৃহৎ অনুষ্ঠানৰ সময়ত যাতায়ত ব্যৱস্থাত যাতে কোনোধৰণৰ বিশৃংখলাৰ সৃষ্টি নহয় তাৰ বাবে গ্ৰহণ কৰিবলগীয়া কাৰ্যব্যৱস্থা সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়।

ৰাজ্যৰ যুটীয়া পৰিবহণ আয়ুক্ত ৰুবুল তালুকদাৰ, সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, ভাস্কৰ দত্ত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু নৱনিযুক্ত জিলা পৰিবহণ বিষয়া লীয়েন হাজৰিকা, হীৰকজ্যোতি ডেকা, পূৰৱী কলিতাকে ধৰি প্ৰৱৰ্তক বিষয়া, যানবাহন পৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ সময়চোৱাত পথচাৰীকে ধৰি সকলো যানবাহন ব্যৱহাৰকাৰীৰ বাবে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যবস্থা বাহাল ৰখা সন্দৰ্ভত অধিক গুৰুত্ব দিয়া হয়। এই সন্দৰ্ভত পৰিবহণ বিষয়াসকলক যাতায়ত আৰু বাট-পথৰ নিৰ্দেশনাসমূহ মানি চলি প্ৰতিমুহূৰ্ততে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নৱনিযুক্ত পৰিবহণ আয়ুক্ত গৰাকীয়ে আহ্বান জনায়।

Comments (0)
Add Comment