পৰিস্কাৰ গুৱাহাটী গঢ়িবলৈ পৌৰ নিগমৰ এক পদক্ষেপ

পৰিস্কাৰ গুৱাহাটী গঢ়িবলৈ পৌৰ নিগমৰ এক পদক্ষেপ

WhatsApp Image 2017-12-28 at 6.52.50 PMদেশৰ চহৰ সমূহক নগৰীয়া অনাময় ব্যৱস্থা উন্নতকৰণৰ বাবে ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে স্বচ্ছ সৰ্বেক্ষণ ২০১৮ আয়োজন কৰিছে। সামগ্ৰিক প্ৰেক্ষাপটত জনসাধাৰণক উদ্বুদ্ধ কৰিবলৈ আৰু সমাজৰ প্ৰতিটো খণ্ডকে সজাগ কৰি তোলাৰ মাধ্যমৰে আঁচনি হাতত লোৱা হৈছে। এই কথা সদৰী কৰে মহানগৰীৰ মেয়ৰ মৃগেন শৰণীয়াই। আজি গুৱাহাটী টাউন ক্লাৱত আয়োজিত এক সংবাদ মেলত শৰণীয়াই কয় যে- গুৱাহাটীখনক দেশৰ ভিতৰতে অন্যতম পৰিস্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছো।

WhatsApp Image 2017-12-28 at 6.53.28 PM

ইতিমধ্যে স্বচ্ছতা নামৰ এটা এপটো ৰাইজৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে ৰাইজে অভিযোগ দাখিল কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিব পাৰে। আনহাতে গুগলত টয়লেট লোকেটৰ ব্যৱহাৰ কৰি কোন চহৰৰ ক’ত ক’ত প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে সবিশেষ জানিব পাৰিব। ২০১৮ বৰ্ষত পৌৰ নিগমৰ তৰফৰ পৰা বিদ্যালয়, হোটেল, হস্পিতালৰ পৰিস্কাৰ পৰিচ্ছন্নতা চাই পুুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰতি মঙ্গলবাৰ আৰু শুক্ৰবাৰে শুকান আৰু ভিজা আৱৰ্জনাবোৰ পৃথকীকৰণ কৰা হ’ব। এই আৱৰ্জনা সমূহ সংগ্ৰহৰ বাবে ৫৮ টা এন,জি,অক দায়িত্ব দিয়া হৈছে। এই মন্তব্য মেয়ৰ মৃগেন শৰণীয়াৰ।

WhatsApp Image 2017-12-28 at 6.53.53 PM

উল্লেখ্যযোগ্য যে স্বচ্ছ সৰ্বেক্ষণৰ কাৰ্য্যসূচী জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। সংবাদমেলখনত পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামী, অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী সাগৰিকা গোস্বামী উপস্থিত থাকে।

Comments (1)
Add Comment
  • বিপুল কলিতা

    পৌৰনিগমৰ ভাল পদক্ষেপ