কন্ঠশিল্পী উত্তম ৰাভাই আজি লাভ কৰিছে বীৰ সন্দে ডাকুৱা বঁটা। সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ নামৰ সংগঠনটোৱে বকোত এই প্ৰদান কৰে। সংগঠনটোৰ হৈ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ডা: শৰৎ চন্দ্ৰ ৰাভাই শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে।এই বঁটাত আছে এখন ৰাভা পাজাৰ,এখন অভিনন্দন পত্ৰ,এটা স্মাৰক আৰু নগদ দহ হাজাৰ টকা। উল্লেখযোগ্য যে শিল্পী উত্তম ৰাভাই ৩০বছৰ ধৰি যাত্ৰা নাট্যদলত কন্ঠশিল্পী হিচাপে সেৱা আগবঢ়াই আহিছে।
বকোৰ শিল্পী উত্তম ৰাভাক বীৰ সন্দে ডাকুৱা বঁটা প্ৰদান
