বঙাইগাঁৱত নিৰ্মাণ হ’ব কোচ ৰাজবংশীৰ সংগ্ৰহালয়

বঙাইগাঁৱত নিৰ্মাণ হ’ব কোচ-ৰাজবংশী সকলৰ ঐতিহ্য আৰু কৃষ্টি-সংস্কৃতি বিজৰিত এক সংগ্ৰহালয়। এই উপলক্ষে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বঙাইগাঁও চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কোঁচ ৰাজবংশী সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে । বিসৰ্জন ঘাটৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
 
 
এই প্ৰকল্পটোৰ জৰিয়তে বঙাইগাঁও চহৰক এক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে।আজি আধাৰ শিলা স্থাপনৰ অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী, পীযুষ হাজৰিকা লগতে বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment