বছৰৰ প্ৰথমটো দিনৰ ভাল খবৰ

এটা প্ৰতীক্ষাৰ অন্ত পৰিল। ভাৰতীয় নাগৰিকত্বৰ দলিল ৰূপে পৰিচিত এন আৰ চিৰ খচৰা প্ৰকাশ পালে। এন আৰ চিৰ আংশিক খচৰা খনত সন্নিবিষ্ট ১ কোটি ৯০ লাখ জনগণ নামৰ তালিকা। সেয়েহে আজিৰ দিনটোত এন আৰ চি সেৱা কেন্দ্ৰ সমুহত দেখা গ’ল অসংখ্য লোকৰ সমাগম এন আৰ চি ৰ আংশিক খচৰা খনত নাম সন্নিবিষ্ট নোহোৱা সকলক উদ্দেশ্য কৰি সমন্বয়ক প্ৰতীক হাজেলাই কয় যে এন আৰ চিত নাম প্ৰকাশ নোপোৱা সকলে অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ আৰম্ভ কৰিব কৰ্তৃপক্ষই। উল্লেখযোগ্য যে কেবাটাও চৰকাৰী ৱেবচাইটত এন আৰ চি খচৰাৰ তালিকা উপলব্ধ হৈছে।

আনহাতে আজি ৰূপালী জয়ন্তী বৰ্ষ গৰকিলে অসম জাতীয় বিদ্যালয়ে। উল্লেখযোগ্য যে নুনমাটিৰ অসম জাতীয় বিদ্যালয় আৰ্হিত ৰাজ্যৰ বিভিন্ন স্থানৰ জাতীয় বিদ্যালয়ত উদযাপিত হ’ল ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান।

ইফালে পৰ্যটন আৰু সমন্বয়ৰ বাৰ্তা বিলাই আজিৰে পৰা আৰম্ভ হ’ল চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ জনপ্ৰিয় পৰ্যটনস্থলী চানডুবিৰ বাকৰিত পয়োভৰ ঘটিল কৃষ্টি সংস্কৃতিৰ সমাহাৰ। এই উৎসৱে পৰ্যটনক অন্য মাত্ৰা প্ৰদান কৰিছে। বছৰটো আৰম্ভণিতে এনেবোৰ খবৰে সকলোকে আনন্দিত কৰি তুলিছে।

Comments (0)
Add Comment