বন্ধন বেংকৰ পৰা ঋণ লৈ একাংশ মহিলা স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে

শোণিতপুৰৰ জামুগুৰিহাটৰ ৰঙাচকুৱা, টুপীয়াৰ লগতে ডেলাইশ্ৰীৰ দৰে বহু পিছ পৰা অঞ্চলত একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও ছাগলী, গাহৰি, মূৰ্গী ফাৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল পোহপাল দি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হয় । তেনে এক উৎকৃষ্ট উদাহৰণ দেখা গল জামুগুৰিহাটত । জামুগুৰিহাটৰ ৰঙাচকুৱা বন্ধন বেংকৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত একাংশ পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও বন্ধন বেংকৰ পৰা ঋণ লৈ বিভিন্ন ফাৰ্মৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বাট মুকলাই লোৱা দেখা গৈছে । তেওঁলোকে কয় যে আমি যেনেকৈ ঋণ লৈ সঠিক কামত খটুৱাই নিজৰ কৰ্মসংস্থাপনৰ বাট মুকলাবলৈ সক্ষম হৈছো তেনেদৰে যেন সকলোৱে বন্ধন বেংকৰ পৰা ঋণ লৈ অলাগতিয়াল কামত খৰছ নকৰি নিজৰ উপাৰ্জনৰ দিশত যেন খৰছ কৰে বুলি একাংশ মহিলাই মন্তৱ্য কৰে । আৰু কয় যিহেতু অন্য বেংকসমূহৰ পৰা ঋণ লবলৈ যাওতে বহুত সমস্যাৰ সন্মুখীন হব লগা হয় তেনেস্থলত একমাত্ৰ বন্ধন বেংকেহে সহজতে ঋণ প্ৰদান কৰি অহা দেখা গৈছে । গতিকে এই ক্ষেত্ৰত সকলোৱে ঋণ সমুহ পৰিষোধ কৰি অধিক পৰিমাণৰ ঋণ লৈ আৰু বিভিন্ন দিশেৰে কৰ্মসংস্থাপনৰ বাট দেখুৱাই আন দহজনকো কৰ্মসংস্থাপনৰ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাত বন্ধন বেংককো ধন্যবাদ জ্ঞাপন কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment