বন্যপ্ৰাণী সংৰক্ষণৰ শীৰ্ষক কৰ্মশালা অনুষ্ঠিত

শিৱসাগৰ জিলাৰ বন সংগমণ্ডল বিষয়া (টেৰীটৰিয়েল) ৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা ৱাইল্ড লাইফ ক্ৰাইম ছচাইটি (WCS) আৰু ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল বিওৰো (WCCB) -ৰ সহযোগত  কালি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎকৰণ আৰু বন্যপ্ৰাণী সৰবৰাহৰ মোকাবিলা সন্দৰ্ভত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়।কৰ্মশালা খনিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে এই কৰ্মশালাৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ আইন বলবৎ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসু পদক্ষেপ গ্ৰহণত সুবিধা হোৱাৰ উপৰিও বন্যপ্ৰাণী সৰবৰাহৰ ঘটনা সমূহৰ মোকাবিলা কৰাতো সহায়ক হ’ব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমূহে এক্যবদ্ধ ভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সমূহত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে WCS-ৰ মৃদুলা বিজয় ৰাঘৱন, WCCB -ৰ ডঃ কে কে শৰ্মা, WCS-ৰ অনিৰ্বাণ চৌধুৰী আৰু WCS-ৰ ছাহিলা কোদালকৰে। কৰ্মশালা খনিত আৰক্ষী আৰু বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপৰিও বন সংগমণ্ডল বিষয়া (টেৰীটৰিয়েল) জয়শ্ৰী নাইডিং, অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী, উপ- আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তয়ো অংশগ্ৰহণ কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে. .

Comments (0)
Add Comment