বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই

শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ উপনৈ সমূহৰ পানী বিগত দিন কেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ফেনে ফুটুকাৰে বাঢ়ি থকাৰ লগতে বেছিভাগ ঠাইত বিপদসীমা অতিক্ৰম কৰিছে। আনহাতে ৰাজ্যৰ অন অঞ্চলৰ লগতে পশ্চিম গুৱাহাটীৰ নগৰাঞ্চল আৰু গ্ৰাম্যঞ্চল বিগত দুদিন ধৰি ঠাই বিশেষে একাংশ লোক বানৰ লগত সহাৱস্থান কৰিব লগা হৈছে।
 
 
 
 
 
 
পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি সমষ্টিটোৰ নগৰাঞ্চল বেছিকৈ অতিক্ৰম হোৱা কুমাৰপাৰা, শান্তিপুৰ আৰু কেডাৰ ৰোডৰ বান পৰিস্থিতিৰ বুজ লয়। বিধায়কগৰাকীৰ সৈতে সংগ দিয়ে গুৱাহাটী পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা নৱ বৰদলৈ, প্ৰাক্তন জিলা পৰিষদ ভূপেন ঠাকুৰীয়াসহ একাংশ বিষয়া কৰ্মচাৰীয়ে। বিধায়কগৰাকীয়ে বান পৰিস্থিতি লাঘব কৰাৰ বাবে আবদ্ধ পানীসমূহ নিস্কাষণ কৰাৰ বাবে কুমাৰপাৰাত এটা, শান্তিপুৰত তিনিটা পাম্পচেটৰ ব্যৱস্থা কৰে।
 
 
 
 
তেনেদৰে কেডাৰ ৰোডৰ আবদ্ধ পানীভাগ ওলাই যোৱাৰ বাবে নলা-নৰ্দমা সমূহ চাফ-চিকুন কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হয়। আনহাতে বিয়লিভাগত বিধায়ক কলিতাই সমষ্টিৰ গ্ৰাম্যঞ্চলৰ মাজিৰিগাঁও, পূৱ মাজিৰিগাঁও, গড়ল, ভট্টাপাৰা, ধাৰাপুৰত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয়। বিধায়গৰাকীৰ সৈতে সংগ দিয়ে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, জলসম্পদ বিভাগৰ পূৱ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা, সহকাৰী কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান, পঞ্চায়ত আৰু গ্ৰাম্যন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা আদিয়ে। বিধায়ক কলিতাই জলসম্পদ বিভাগৰ অভিযন্তাক ব্ৰহ্মপুত্ৰই যাতে খহনীয়া সৃষ্টি কৰিব নোৱাৰে তাক চকু ৰাখিবলৈ আহ্বান জনায়।

Comments (0)
Add Comment