বিজেপিৰ দলীয় কাম কাজ দুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত-ৰাজ্যিক সভাপতি

বিজেপিৰ দলীয় কাম কাজ দুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত-ৰাজ্যিক সভাপতি

চীন ভাৰতৰ লাডাখ সীমান্তত সংঘটিত হোৱা সংঘৰ্ষত নিহত হৈছে ভাৰতৰ ২০জনকৈ সেনা জোৱান। বীৰ শ্বহীদসকলৰ এই ত্যাগৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
 
 
ইয়াৰ সমান্তৰালভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাই দুদিনৰ বাবে সকলো ৰাজনৈতিক কাম কাজ বাতিল কৰিবলৈ আহ্বান জনায়। তেখেতৰ এই আহ্বানমৰ্মে অসমত জন সম্বোধন শীৰ্ষক এক ভাৰ্চুৱেল ৰেলী বাতিল কৰা হৈছে। এই কথা সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে লাডাখ উপত্যকাত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই দুদিনৰ কাৰণে দলৰ সকলো ৰাজনৈতিক কাম কাজ স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে এই ভাৰ্চুৱেল ৰেলীৰ লগতে জনসম্পৰ্ক অভিযান স্থগিত ৰখা হৈছে। জানিব পৰা মতে অহা ২০জুনৰ পৰা পুনৰ বিজেপিৰ জনসম্পৰ্ক অভিযান আৰম্ভ হ’ব।

Comments (0)
Add Comment