বিজ্ঞজনৰ দৃষ্টিৰে ২০১৮ বৰ্ষৰ বিছু চিন্তা

আজি ৩১ ডিচেম্বৰ, ২০১৭ বৰ্ষৰ অন্তিমটো দিন। পোৱা -নোপোৱা, আশা-নিৰাশা, ভাল- বেয়া বিভিন্ন প্ৰসংগই বিগত বৰ্ষটোত আমাক চুই গ’ল। সমাজ উন্নয়ন তথা দেশৰ উন্নয়নৰ বাবে যি সকলে অহৰহ প্ৰচেষ্টা চলাই আছে, সেই সকলক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলো। আমি nefocus.com ৰ ফালৰ পৰা কথা পাতিছিলো, অসমৰ এনে কিছু সম্ভাৱনাৰ সৈতে, যি সকল সমাজত সদায়ে নমস্য। শিক্ষাবিদ, সমালোচক, আইনজ্ঞ, চলচ্চিত্ৰ পৰিচালক, বৈজ্ঞানিক, সমাজ সংগঠক আদিৰ পৰা জানিব বিচাৰিছিলো, নতুন বৰ্ষটোৰ কাৰ্য্যপন্থা আৰু সমাজৰ বাবে তেওঁলোকৰ কৰণীয় পৰিকল্পনা অথবা চিন্তাৰ সম্পৰ্কে..। এই ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ ড০ সত্যকাম বৰঠাকুৰে এনেদৰে জনায়- অসমীয়া ভাষা জীয়াই থাকিলেহে স্বতন্ত্ৰ পৰিচয় থাকিব। জাতি-জনজাতিৰ ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব। অসমীয়া জাতিৰ চিন্তকলৈ গৱেষণা কৰাৰ প্ৰয়োজন আছে, অনাগত দিনত এনে গৱেষণা সমাজ সেৱাৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ।

বিভিন্ন কাকত, আলোচনীত তথ্য সমৃদ্ধ প্ৰৱন্ধ লেখক তথা সমালোচক ময়ুৰ বৰাই আগন্তুক দিনৰ কৰ্মপন্থাৰ সম্পৰ্কে জানিব বিচৰাত এনেদৰে কয়- অসমীয়া ভাষিক জাতীয়বাদৰ আৰম্ভণি সমূহৰ অধ্যয়ন কৰিম। আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত কাম কৰিম।

অসমৰ জলন্ত সমস্যাৰ ওপৰত সততে মাত মাতি অহা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰি যাম। খিলঞ্জীয়া সুৰক্ষাৰ বাবে সদায়ে কাম কৰি আছো আৰু কৰি যাম।

অসমৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ বিজ্ঞানী উৎপল বৰাই মন্তব্য কৰে যে অহা ২৭ জানুৱাৰীৰ পৰা আই আই টিত বায়’বেঙ্ক সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় সন্মিলন আনুষ্ঠিত হ’ব। আই আই টি গুৱাহাটীৰ বৈজ্ঞানিকৰ এটা দলে ব্ৰহ্মপুত্ৰৰ ওপৰত ভাসমান পৰীক্ষাগাৰ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নৱবৰ্ষটোত এনেবোৰ কামতে ব্যস্ত হৈ পৰিম।

পৰিচিত আইনজ্ঞ বিজন মহাজনৰ পৰা জানিব বিচাৰিছিলোঁ, আগন্তুক বৰ্ষটোত কেনে ধৰণৰ আইন কাৰ্যকৰী হোৱাটো বিচাৰে, তেখেতে আমাক এনেদৰে কয়- নতুন বছৰটো সকলোৰে উন্নতিৰ বৰ্ষ হোৱাটো বিচাৰো। বিশেষকৈ Wildlife Protection Act খন  Amendment  হোৱাটো বিচাৰো।

আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। তেখেতে অসমীয়া সাজপাৰক বিশ্বদৰবাৰলৈ নিছে। ২০১৮ বৰ্ষত দত্তই ব্যস্ততাৰ সম্পৰ্কে এনেদৰে কয়- প্ৰথমবাৰৰ বাবে কাঁ চলচ্চিত্ৰ মহোৎসৱত মই ডিজাইন কৰা কাপোৰ Hollywood Celebrityয়ে পৰিধান কৰিব। লেকমি ফেশ্বন শ্ব’ আৰু ডুবাইৰ ফেশ্বন ইণ্টাৰনেছনেল ফেষ্টিভেলত অংশগ্ৰহণ কৰিম।

আনহাতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালিকা মঞ্জু বৰাই তেখেতৰ আগন্তুক দিনৰ কৰ্মপন্থা সম্পৰ্কে এইদৰে কয়- গুৰু মাধৱদেৱক লৈ এনিমেটেড চিনেমা কৰাৰ বাবে প্ৰস্তুতি চলাইছোঁ। এই ক্ষেত্ৰত প্ৰাগ চেনেলৰ সঞ্জীৱ নাৰায়ণে যথেষ্ট সহযোগিতা আগবঢ়াইছে। আচলতে নৱপ্ৰজন্মৰ মাজত গুৰু জনাৰ আদৰ্শ  যাতে বিলাই দিব পাৰো, তাৰেই প্ৰয়াস কৰা হৈছে। 

সংগীত ক্ষেত্ৰত লোকসংগীতৰ ধাৰাই বাৰ্তা জনপ্ৰিয় হ’বলৈ সক্ষম হৈছে শিল্পী সুবাসনা দত্ত। তেখেতে অনাগত দিনত অসমীয়া সংগীত জগতলৈ বহু কেইটা গীতৰ উপহাৰ দিম বুলি মন্তব্য কৰে।

এইয়া আছিল কেইজন বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিৰ মনৰ কথা। তেখেত সকলে অহা বৰ্ষটোত ভবামতে আগুৱাই যাওক।সমাজক দি যাওক অমূল্য উপহাৰ, আমি nefocus.com ৰ তৰফৰ পৰা জনালোঁ আন্তৰিক শুভকামনা।

Comments (0)
Add Comment