বিদেশী চৰাইৰ ব্যৱসায়েৰে স্বাৱলম্বী জাহাংগীৰ

বিদেশী চৰাইৰ ব্যৱসায়েৰে স্বাৱলম্বী জাহাংগীৰ

WhatsApp Image 2018-03-17 at 5.39.03 PM

কেতিয়াবা কোনো এটা বস্তুৰ প্ৰতি থকা দুৰ্বলতাই আপোনাক কোন দিশে লৈ যাব, হঠাৎ ক’ব পৰা নাযায়। এটা মোটা অংকৰ দৰমহাৰ চাকৰি পৰিত্যাগ কৰি উদ্যমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা মানসিকতাই আজি এনে পৰ্য্যায়ত পোৱালেগৈ। এই মন্তব্য মহানগৰী হাতীগাঁৱৰ জাহাংগীৰ খানৰ। জাহাংগীৰ খানে ৭ বিধকৈ বিদেশী চৰাই ব্যৱসায়ৰ জৰিয়তে বিশেষ চৰ্চা লাভ কৰায়ে নহয়, প্ৰায় ৮০ টা পৰিয়ালক দিছে জীৱন আৰু জীৱিকাৰ সন্ধান।

WhatsApp Image 2018-03-17 at 5.39.21 PM

আচলতে অসমীয়াত এষাৰ কথা আছে মন কৰিলেই চন হয়। প্ৰচুৰ মনোবল আৰু উদ্যমী মনোভাৱৰ তাগিদাত জাহাংগীৰে নিজৰ প্ৰচেষ্টাত এনে এটা ব্যৱসায়ত আগবাঢ়িবলৈ সক্ষম হয়। যদিও জাহাংগীৰ মেনেজমেণ্টৰ ছাত্ৰ আছিল। শিক্ষা জীৱনত পোৱা জ্ঞানে ব্যৱসায়টো সমৃদ্ধি কৰি তুলিছিল। জাহাংগীৰৰ মতে এজন সৰু সুৰা উদ্যমীয়ে হঠাৎ উদ্যোগ প্ৰতিষ্ঠা কৰিব নোৱাৰে সঁচা। কিন্তু সমূহীয়াকৈ আগবাঢ়িলে ফলৱৰ্তী হয়। উল্লেখযোগ্য যে জাহাংগীৰৰ ফাৰ্মত ইমু চৰাই, টাৰ্কি চৰাই, চীনা মুৰ্গী, বতাহ চৰাই, থাইলেণ্ড হাঁহ, ৰ’ড আইলেণ্ড ৰষ্টাৰ আদি প্ৰায় ৭ বিধ প্ৰজাতিৰ চৰাই আছে। তেওঁ নিজা প্ৰচেষ্টাত উদ্ভাৱন কৰা এবিধ আহিলাৰ সহায়ত পোৱালী অতি সহজে উৎপাদন হয়।

WhatsApp Image 2018-03-17 at 5.40.11 PM

জানিব পৰা মতে পূৰ্বৰ তুলনাত মাংস অথবা কণীৰ বাবেই হওক এই চৰাই সমূহৰ চাহিদা গ্ৰাহকৰ মাজত যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি কিলোগ্ৰামত ইমু চৰাইৰ মাংস ৭০০ টকাৰ পৰিবৰ্ত্তে চীনা হাঁহৰ প্ৰতি কিলোগ্ৰাম মাংসৰ মূল্য ২৫০ টকা। জাহাংগীৰৰ ব্যৱসায়ৰ দৰে একে ব্যৱসায় কৰি স্বাৱলম্বী হৈছে বিদ্যুৎ গগৈ নামৰ অন্য এজন ব্যক্তি। তেখেতে এনে ব্যৱসায়ৰ দ্বাৰা লাভাম্বিত হোৱাৰ কথা ব্যক্ত কৰে আৰু লগতে ১০ জনক সংস্থাপিত কৰাৰ কথা জানিবলৈ দিয়ে। এনে ব্যৱসায়েৰে বহু কেইজন স্বাৱলম্বী হোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি।

Comments (0)
Add Comment