গ্ৰাম্য পৰ্যটনক প্ৰসাৰ ঘটাবলৈ গোলাঘাট যোগীবাৰীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে।এই ক্ষেত্ৰত নিয়োজিত কৰিছে প্ৰায় ৩০ গৰাকী মহিলা। ঢেঁকী শালৰ পৰা স্বাৱলম্বীতা সপোন দেখা যায় মহিলা সকলে দৈনিক খুন্দিছে উখোৱা চাউল,কোমল চাউল,সান্দহ , পিঠাগুৰি। বৰ্তমান পাহৰণি গৰ্ভত বিলীন হোৱা ঢেঁকীৰ এনে পৰিৱেশ অসমীয়া সমাজত পূৰ্বৰ দৰে দেখা নাযায় যদিও গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত বিধায়ক জনে লোৱা ভূমিকা সকলোৱে শলাগ লৈছে।
বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত যোগীবাৰীত গ্ৰাম্য পৰ্যটন গঢ়ি উঠিছে
