বিশ্ব বিনিয়োগ সন্মিলনৰ সামৰণি অনুষ্ঠান

স্বৰ্ণিল বুনিয়াদ ৰচনা কৰি সফলতাৰে সামৰণি পৰিল বিশ্ব বিনিয়োগ সন্মিলন। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সন্মিলনখনত অংশ গ্ৰহণ কৰি সামৰণি অনুষ্ঠানত তথ্য আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মন্তব্য কৰে যে কোকৰাঝাৰ, শিলচৰ, মাজুলীত শীঘ্ৰে বিপিঅ’ স্থাপন কৰা হ’ব। যাৰ জৰিয়তে বহু নিৱনুৱাই কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। ডিজিটেল ইণ্ডিয়াৰ যোগেদি ইলেকট্ৰনিক মেনুফেক্সাৰিং উদ্যোগ গঠন হ’ব। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ লাভ কৰা ক্ষেত্ৰ সমূহৰ চমুকৈ বিৱৰণ দাঙি ধৰি কয় যে বিনিয়োগকাৰীসকলে যাতে শান্তিৰে বিনিয়োগকৰাৰ সুবিধা পায়, তাৰ বাবে সকলোকে আহ্বান জনায়।

আনহাতে বিশ্ব বিনিয়োগ সন্মিলনৰ মূল হোতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ১১ খন পলিচি গঠন কৰা হৈছে। সেয়েহে অত্যন্ত উৎসাহী হৈ উঠিছো। আশা কৰা হৈছে ইয়াৰ জৰিয়তে সকলো ক্ষেত্ৰতে নতুন দিগন্তৰ সুচনা হ’ব। উল্লেখযোগ্য যে প্ৰায় ৭০ হাজাৰ কোটি টকা বিনিয়োগকাৰী সকলে অসমত বিনিয়োগ কৰিব। এয়া আছিল সংক্ষেপে বিশ্ব বিনিয়োগ সন্মিলনৰ সামৰণী অনুষ্ঠানৰ কিছু খবৰ।

Comments (0)
Add Comment