বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন

IMG-20170612-WA0046

আজি ১২ জুন। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। সেই উপলক্ষ্যে শ্ৰম বিভাগ, আৰক্ষী বিভাগ, সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ উদ্যোগত ইউনিছেফৰ (UNICEF) সহযোগত শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন হয়। পোনপ্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস ৬ জুনৰ পৰা আৰম্ভ হৈ আজি সামৰণি পৰে। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শ্ৰম আৰু কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাসে মন্তব্য কৰে যে  শিশু শ্ৰমিক ৰোধ কৰিবলৈ আমি প্ৰত্যেকেই সচেতন হ’ব লাগিব। বিশেষকৈ শ্ৰমিক সকলৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ যত্নপৰ হ’ব লাগে। শিশুক শিক্ষাৰ পৰা বঞ্চিত নোহোৱাকৈ শ্ৰমত নিয়োজিত কৰিলে তাৰ পৰিণাম কিছু লঘু হয়।

IMG-20170612-WA0047

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল ১৪ বছৰ তলৰ কোনো শিশুক শিক্ষা অধিকাৰ পৰা বঞ্চিত কৰিলে ৬০,০০০ টকা জৰিমণা বিহা হ’ব। কোনো অভিভাৱকে শিশুক দাস হিচাপে তথা শ্ৰমিক হিচাপে নিয়োজিত কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰতিটো বিভাগে সামাজিক দায়বদ্ধতাৰে কাম কৰি প্ৰতিদুমাহৰ মুৰে মুৰে খতিয়ান দাঙি ধৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেঘযোগ্য যে এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা প্ৰতিযোগিতা, পোষ্টাৰ প্ৰতিযোগিতা আদিবোৰ অনুষ্ঠিত কৰা হয়। আৰু তিনিগৰাকী বিজয়ী প্ৰতিযোগী পুৰস্কাৰ প্ৰদান কৰা হয়।  “Wake Up” নামৰ এখন চুটি ছবি প্ৰদৰ্শন কৰাৰ লগতে শিশুৰ দ্বাৰা অভিনীত এখন নাটক প্ৰদৰ্শন কৰা হয়।

IMG-20170612-WA0045

আজি অনুষ্ঠিত অনুষ্ঠানত অৰুণা ৰাজৰিয়া, সুনিতা চাংকাকতি, মিনাক্ষী সুন্দাৰমকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

Comments (2)
Add Comment
  • Jasmin Hussain

    Very good step…
    Protect child development and stop child labor

  • Nur Mahammad Ali

    Yes, Right sir.