বিহুৰ বতৰত বাঁহেৰে গামোচা প্ৰস্তুত কৰিছে এজন যুৱকে

বাঁহেৰে গামোচা প্ৰস্তুত কৰি চৰ্চা লাভ কৰিছে এজন যুৱকে। যুৱক জনে একক প্ৰচেষ্টা সাজি উলিয়াইছে বাঁহেৰে গামোচা। ৰঙালী বিহু সমাগত।ৰঙালী বিহু প্ৰাকমূৰ্হতত সকলোৱে ৰঙালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে। কি চহৰ অঞ্চল, কি গ্ৰাম্যাঞ্চল সকলোতে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।ৰঙালী বিহুৰ প্ৰাকক্ষণত ধিঙৰ এজন যুৱকে বাঁহেৰে গামোচা প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । যুৱক জনৰ নাম ভৰত জ্যোতি দেৱনাথ ।
ধিঙৰ বেতকাটি গাঁৱৰ যুৱক জনে বাঁহেৰে কেৱল গামোচায়ে নহয় বাঁহৰে সত্ৰীয়া পোচাক তৈয়াৰ কৰিছে। ইয়াৰ উপৰিও বাঁহৰ গাম খাৰু,কান ফুলি, জোন বিৰি, ঢোলবিৰি, গগণা ,শৰাই আদি প্ৰস্তুত কৰিছে । জানিব পৰা মতে যুৱক জনে ব্যৱসায়ীক ভিত্তিত বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি নিজৰ লগতে আন দহ জনকো স্বাবলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। ভৰত জ্যোতি এই প্রচেষ্টাক সকলোৱে শলাগ লৈছে।

Comments (0)
Add Comment